চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত…

ডিজিটেল ডেস্ক: চামগুৰিৰ ৰঙাগড়াত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন বাইক আৰোহী, গুৰুতৰভাৱে আহত আন এজন।
থিতাতে নিহত বাইক আৰোহীজন চামগুৰি আমনিৰ শুভম বিশ্বকৰ্মা আৰু গুৰুতৰ ভাৱে আহত টংলাৰ যুৱক দীপক গৌৰ বুলি জানিব পৰা গৈছে।
নিৰ্মিয়মান চাৰিলেনযুক্ত ৰাজপথৰ ওপৰত সাংকেতিক চিহ্ন বিহীনভাৱে পেলাই থোৱা শিলগুটিৰ দ’মত বাইকেৰে খুন্দা মৰাত সংঘটিত হয় দুৰ্ঘটনাটো।
দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি ৰঙাগড়াত দেওবাৰে নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। তাৰপাছতেই ক্ষুব্ধ ৰাইজে অৱৰোধ কৰে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ ।
চাৰিলেনযুক্ত ৰাজপথ নিৰ্মাণ কোম্পানী “ছিমপ্লেক্স,”ৰ দ্বায়িত্বজ্ঞানহীনতাৰ বাবে অঞ্চলটোত বহু কেইটা শোকাবহ পথ দূৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ।
ঘটনাৰ পাছতেই আহত দীপক গৌৰক সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলীত চামগুৰি আৰক্ষীৰ এটা বৃহৎ দল আৰু চক্ৰ বিষয়া গৰাকী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/JyDxP2s
via IFTTT
Comments
Post a Comment