পদত্যাগ কৰিব চোনিয়া গান্ধীৰ লগতে প্ৰিয়ংকা-ৰাহুলে…

ডিজিটেল ডেস্কঃ এফালৰ পৰা বিধ্বস্ত হোৱা দলটোৰ নেতৃত্বত থাকি নিজৰ নেতা-কৰ্মীৰে তীক্ষ্ণ সমালোচনাৰ সন্মুখীন হোৱা চোনিয়া গান্ধীয়ে অৱশেষত চূড়ান্ত সিদ্ধান্ত লোৱাৰ দিশে আগবাঢ়িছে। শেহতীয়াকৈ ৪ৰাজ্যৰ নিৰ্বাচনত চৰম বিপৰ্যয়ৰ পাছত আজি কংগ্ৰেছে আহ্বান কৰিছে ৱৰ্কিং কমিটিৰ বৈঠক।
এই বৈঠকতে দলটোৰ এই অৱস্থা আৰু নিৰ্বাচনী বিৰ্পযয়ৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে নেতৃত্বৰ সালসলনিও ইংগিত পোৱা গৈছে। কংগ্ৰেছৰ এক সূত্ৰৰ ভিত্তিত ৰাষ্ট্ৰীয় সংবাদত প্ৰকাশিত খবৰ অনুসৰি, এই বৈঠকত চোনিয়া গান্ধীয়ে নিজৰ পদবীৰ পৰা পদত্যাগ কৰিব পাৰে। কেৱল তেৱেই নহয়, ৰাহুল আৰু প্ৰিয়ংকা গান্ধীয়েও ব্যৰ্থতা স্বীকাৰ কৰি নিজৰ পদবীৰ পৰা পদত্যাগ কৰিব পাৰে। তিনিগৰাকী নেতাই পদত্যাগৰ প্ৰস্তাৱ ৰাখিব।
উল্লেখ কৰা প্ৰয়োজন যে, কংগ্ৰেছৰ শীৰ্ষ মহলত ইতিমধ্যে আৰম্ভ হৈছে তীব্ৰ বাক-বিতণ্ডা। একাংশই গান্ধীৰাজৰ অৱসান বিচৰাৰ লগতে একাংশই সমৰ্থন কৰিছে গান্ধী পৰিয়ালৰ নেতৃত্বক।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/nV95T6q
via IFTTT
Comments
Post a Comment