পাকিস্তানত ভাৰতৰ মিছাইলঃ তদন্তৰ নিৰ্দেশ…

ডিজিটেল ডেস্কঃ কাৰিকৰী বিজুতিৰ বাবে যোৱা ৯ মাৰ্চত ভাৰতৰ এটা মিছাইল পাকিস্তানত পৰাৰ বিষয়টো সন্দৰ্ভত ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে তথ্য প্ৰকাশ কৰিছে। মন্ত্ৰণালয়ৰ তথ্য মতে নিয়মীয়া তত্বাৱধানৰ সময়তে মিছাইলটো দুৰ্ঘটনাক্ৰমে মিছাইলটো বন্ধ হৈ যায়।

প্ৰতিৰক্ষা মন্ত্ৰণালয়ে কয়, চৰকাৰে দুৰ্ঘটনাক্ৰমে মিছাইল নিক্ষেপণৰ ঘটনাৰ প্ৰতি গুৰুত্বসহকাৰে দৃষ্টি ৰাখিছে আৰু উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। জানিব পৰা মতে, দুৰ্ঘটনাক্ৰমে উৎক্ষেপণ কৰা মিছাইলটো পাকিস্তানৰ এটা অঞ্চলত অৱতৰণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰণালয়ে কয় যে, ঘটনাটো অতি দুখজনক আৰু এয়া সকাহৰ বিষয় যে কোনো প্ৰাণহানি হোৱা নাই।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে, ভাৰত চৰকাৰে দুৰ্ঘটনাক্ৰমে মিছাইল নিক্ষেপণৰ ঘটনাৰ প্ৰতি গুৰুত্বসহকাৰে দৃষ্টি ৰাখিছে আৰু উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। পাকিস্তানী বাতৰি কাকত দ্য এক্সপ্ৰেছ ট্ৰিবিউনৰ এক প্ৰতিবেদন অনুসৰি, পাকিস্তানৰ বৈদেশিক মন্ত্ৰীয়ে কৈছে যে, ভাৰতে ইয়াৰ দায়িত্ব ল’ব লাগিব। ইয়াৰ বাবে ভাৰত দায়বদ্ধ বুলি উল্লেখ কৰিছে। এই ঘটনাসন্দৰ্ভত ভাৰতৰ স্পষ্টীকৰণৰ পিছত, পাকিস্তানে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব বুলি কাকতখনত উল্লেখ কৰিছে। এতিয়া ভাৰত চৰকাৰে বিষয়টো সন্দৰ্ভত স্পষ্টীকৰণ প্ৰকাশ কৰাৰ পিছত পাকিস্তানে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/fCaQypz
via IFTTT

Comments