উত্তৰ প্ৰদেশত আকৌ যোগী ! প্ৰায় ১০০ খন আসনত আগবাঢ়ি আছে বিজেপি…

ডিজিটেল ডেস্কঃ দেশৰ ৰাজনীতিৰ হৃদপিণ্ডস্বৰূপ উত্তৰ প্ৰদেশ পুনৰ দখল কৰিব নেকি বিজেপিয়ে? নিৰ্বাচনৰ পূৰ্বে বিজেপি দলটো উত্তৰ প্ৰদেশত বিপদত পৰিছিল যদিও নিৰ্বাচনৰ পিছতেই প্ৰকাশ পোৱা এক্সিট পোল অনুসৰি উত্তৰ প্ৰদেশত পুনৰ বিজেপিৰ চৰকাৰ গঠন হোৱাৰ ইংগিত দিয়া হৈছিল।

বৃহস্পতিবাৰে প্ৰকাশ ৰাজ্যখনৰ ভোটগণনা অব্যাহত আছে। বৰ্তমানলৈকে ৰাজ্যখনত বিজেপি দলটো বহু কেইখন আসনত আগবাঢ়ি আছে। পুৱা ৭ বজাৰ আৰম্ভ হোৱা এই ভোটগণনাৰ ১০-৩০ বজালৈকে বিজেপি ১৮০ খন আসনত আগবাঢ়ি আছে।

ইয়াৰ বিপৰীতে সমাজবাদী প্ৰাৰ্টী আগবাঢ়ি আছে ৮২ খন আসনত। আনহাতে কংগ্ৰেছ দলে ৪ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে বহুজন সমাজবাদী দল আগবাঢ়ি আছে ৩ খন আসনত। ইয়াৰ উপৰিও ৰাজ্যখনতADAL- ৯ খন আসনত, RLD-৬ খন আসনত, NINSHAD- ৫ খন আসনত আৰু SBSP-১ খন আসনত আগবাঢ়ি আছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Nn825xT
via IFTTT

Comments