কানাডত ভয়ংকৰ পথ দুৰ্ঘটনা; নিহত ৫ ভাৰতীয় ছাত্ৰ…

ডিজিটেল ডেস্ক: কানাডাৰ টোৰেন্টোত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হয় ৫ গৰাকী ভাৰতীয় ছাত্ৰৰ আৰু আহত হয় আন দুজন। এখন ভেন আৰু ট্ৰেলেভৰ মুখামুখি সংঘৰ্ষৰ ফলত এই পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
কানাডাৰ উচ্চায়ুক্ত অজয় বিসাৰিয়াই কয় যে ১৩ মাৰ্চত সংঘটিত হয় এই পথ দুৰ্ঘটনা। য’ত ৫ জন ভাৰতীয় ছাত্ৰৰ মৃত্যু হয়। লগতে আহত হয় দুজনৰ।
প্ৰাপ্ত খবৰ অনুসৰি মৃত্যু হোৱা ছাত্ৰ কেইগৰাকী হৰপ্ৰীত সিং, জচপিন্দৰ সিং, কৰনপাল সিং, মোহিত চোহান আৰু পবন কুমাৰ বুলি জানিব পৰা গৈছে। ছাত্ৰ কেইগৰাকীৰ বয়স ২১ ৰ পৰা ২৪ বছৰ বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/6PIGVq4
via IFTTT
Comments
Post a Comment