যদি গান্ধী পৰিয়ালৰ বাবে কংগ্ৰেছ দুৰ্বল হৈ আছে তেন্তে আমি সকলো ত্যাগ কৰিবলৈ সাজু: ছোনিয়া

ডিজিটেল ডেস্ক: ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে পৰাজয়বৰন কৰাৰ পাছতেই ৰবিবাৰে দিল্লীত কংগ্ৰেছৰ এক বৈঠক অনুষ্ঠিত হয়। ৱাকিং কমিটিৰ ৫ ঘন্টা ধৰি চলা বৈঠকৰ অন্তত ৰণদ্বীপ সুৰজেৱালাই স্পষ্ট কৰি দিয়ে যে ছোনিয়া গান্ধীয়েই নেতৃত্ব কৰি থাকিব কংগ্ৰেছত।

উল্লেখ্য যে, এই বৈঠকত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে এক পদত্যাগ পত্ৰ দাখিল কৰি কয় যে যদি দলৰ সদস্য সকলে ভাৱে যে গান্ধী পৰিয়ালৰ বাবে কংগ্ৰেছে আগবাঢ়িহ পৰা নাই তেন্তে সকলোধৰণৰ ত্যাগ কৰিবলৈ সাজু গান্ধী পৰিয়াল।

বৈঠকৰ অন্তত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোহ গহলোটে কয় যে নিৰ্বাচনত জয়-পৰাজয় থাকেই আৰু ৰাহুল গান্ধীয়েই একমাত্ৰ ব্যক্তি যিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰত্যাহ্বান জনাব পাৰে। উল্লেখ্য যে, কংগ্ৰেছৰ বহু শীৰ্ষ নেতাই কংগ্ৰেছ নেতৃত্বৰ ওপৰচ প্ৰশ্ন উত্থাপন কৰিছিল আৰু নেতৃত্বৰ সলনিৰ বাবে পৰামৰ্শ দিছিল।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/I1EBwOL
via IFTTT

Comments