ত্যাগৰ বাবে সাজু গান্ধী পৰিয়াল, কিন্তু আমি বিচাৰো তেওঁৰ নেতৃত্ব : কংগ্ৰেছ

ডিজিটেল সংবাদ: ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে পৰাজয় বৰন কৰাৰ পাছতেই ৰবিবাৰে দিল্লীত কংগ্ৰেছ ৱাকিং কমিটিৰ এক বৈঠক অনুষ্ঠিত হয়। প্ৰায় ৫ ঘন্টা ধৰি চলা বৈঠকৰ অন্তত সিদ্ধান্ত লোৱা হয় যে ছোনিয়া গান্ধীয়ে হৈ থাকিব কংগ্ৰেছৰ অধ্যক্ষ।
এই সন্দৰ্ভত কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে ”ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে দলৰ বাবে নিজৰ নিজৰ পদ ত্যাগ কৰিবলৈও সাজু আছে।কিন্তু এয়া আমি মানি নললো”।
এই সন্দৰ্ভত আন এগৰাকী কংগ্ৰেছ নেতা কেচি বেনুগোপালে কয় যে ”ছোনিয়া গান্ধীৰ নেতৃত্বৰ ওপৰত আমাৰ বিশ্বাস আছে আৰু আমি বিচাৰো তেওঁ দলক সন্মুখৰ পৰা নেতৃত্ব কৰক। প্ৰতিটো ক্ষেত্ৰতেই ছোনিয়া গান্ধীয়ে মাগদৰ্শন কৰাটো আমি বিচাৰো”।
উল্লেখ্য যে, কংগ্ৰেছৰ পৰাজয়ৰ পাছতেই কংগ্ৰেছ নেতৃত্বৰ ওপৰত বহু প্ৰশ্ন উত্থাপন হৈছিল। একাংশ কংগ্ৰেছ শীৰ্ষ নেতাই কংগ্ৰেছ নেতৃত্ব আৰু ৰণকৌশলৰ সলনি হোৱাটো বিচাৰিছিল আৰু তাৰ পাছতেই এক বৈঠক অনুষ্ঠিত হৈছিল। কিন্তু এই বৈঠকত কোনো ধৰণক সাল-সলনি হোৱা পৰিলক্ষিত নহ’ল।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/u0XhCL6
via IFTTT
Comments
Post a Comment