আইজলত ৪কোটি ১৪লাখ টকাৰ নিচাজাতীয় টেৱলেট জব্দ…

ডিজিটেল সংবাদ, শিলচৰঃ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বিএছএফ আৰু কেন্দ্ৰীয় শুল্ক বিভাগে মিজোৰামৰ আইজলত বুজণ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে ৷ বিএছএফৰ কাছাৰ- মিজোৰাম ফ্ৰন্টিয়াৰ আইজল চেক্টৰ আৰু আইজলৰ কেন্দ্ৰীয় শুল্ক আৰু নাৰ্কটিক বিভাগে যুটীয়া অভিযান চলাই বুজণ পৰিমাণৰ এই টেবলেট খিনি জব্দ কৰে ৷
বিএছএফ আৰু শুল্ক বিভাগে মিজোৰাম আইজলৰ বেথেলহেম বেনথালঙত চলাইছিল এই ড্ৰাগছ বিৰোধী অভিযান ৷অভিযানত এগৰাকী মিজো মহিলাৰ পৰা জব্দ কৰা হয় ৮২ হাজাৰ ৯৫১ টা ম্যানমাৰত প্ৰস্তুত কৰা ‘ইয়াবা’ টেবলেট৷ টেবলেট খিনিৰ ওজন ৭.৫৪১ কিলোগ্ৰাম বুলি সদৰী কৰিছে বিএছএফে ৷ টেবলেটৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছে ড্ৰাগছ ব্যৱসায়ী মিজো মহিলা গৰাকীক ৷
ধৃত মহিলা গৰাকীৰ নাম মিছ জাৰজলিয়ানী (৪৩) বুলি জানিবলৈ দিয়ে বিএছএফে ৷ জাৰজলিয়ানীৰ ঘৰ আইজলৰ বেথেলহেম বেনথালঙত৷ এজন ড্ৰাগছ ব্যৱসায়ীক দিবলৈ অনাৰ সময়ত জব্দ কৰা হয় টেবলেট খিনি ৷ জব্দকৃত টেবলেটৰ মূল্য ৪ কোটি ১৪ লাখ ৭৫ হাজাৰ ৫০০ টকা হব বুলি সদৰী কৰিছে বিএছএফে ৷
সম্প্ৰতি আইজলৰ শুল্ক আৰু নাৰ্কটিক বিভাগক গতাই দিয়া হয় টেবলেট আৰু মহিলা গৰাকীক ৷ এই সংক্ৰান্তত বিএছএফে এখন এজেহাৰো দাখিল কৰিছে শুল্ক আৰু নাৰ্কটিক বিভাগত ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/71DpkyI
via IFTTT
Comments
Post a Comment