মাজুলীত ফুলিব পদুম ! শেষ হ’ল ৫ টা ৰাউণ্ডৰ ভোটগণনা, চাওক সবিশেষ…

ডিজিটেল ডেস্কঃমাজুলীত অন্ত পৰিছে পঞ্চম ৰাউণ্ডৰ ভোটগণনা। পঞ্চম ৰাউণ্ডৰ অন্তত বিজেপিৰ প্ৰাৰ্থী ভূৱন গামে ১৮,৬৮৭ ভোট লাভ কৰিছে। আনহাতে অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে লাভ কৰিছে ৬,৫২৫ টা ভোট আৰু এছ ইউ চি (কমিউনিষ্ট) ভাইটি ৰিচঙে ৪৭৭ টা ভোট লাভ কৰিছে।। লক্ষণীয় কথাটো হ’ল এই ৫ টা ৰাউণ্ডৰ অন্তত নোটাত ৪৪১ টা ভোট পৰিছে।

৫ টা ৰাউণ্ডৰ অন্তত বিজেপিৰ প্ৰাৰ্থীগৰাকী ১২,১৬২ টা ভোটত আগবাঢ়ি আছে। এতিয়াও সমষ্টিটোত ১০ ৰাউণ্ডৰ ভোটগণনা হ’বলৈ বাকী আছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/kWq84GM
via IFTTT

Comments