মাজুীলত পদুম ফুলিব নে জাহাজ চলিব? চাওক শেহতীয়া আপডেট….

ডিজিটেল সংবাদ মাজুলীঃ ৯৯ নং মাজুলী বিধানসভা সমষ্টিৰ ভোটগণনা অব্যাহত আছে। বৰ্তমানলৈকে ৩ টা ৰাউণ্ডৰ ভোটগণনাৰ অন্ত পৰিছে। এই তিনিটা ৰাউণ্ডৰ অন্তত বিজেপিৰ প্ৰাৰ্থী ভূৱন গাম অসম অজাপ, কংগ্ৰেছৰ উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীতকৈ যথেষ্ট আগবাঢ়ি আছে।
তৃতীয় ৰাউণ্ডৰ অন্তত বিজেপিৰ ভূৱন গামে লাভ কৰিছে ১৩,৫১২ টা ভোট। আনহাতে অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰীয়ে লাভ কৰিছে ৪,৪৮৭ টা ভোট। অৰ্থাৎ বিজেপি প্ৰাৰ্থীগৰকী ৯,০২৫ টা ভোটত আগবাঢ়ি আছে। উল্লেখ্য যে মাজুলী উপ-নিৰ্বাচনৰ ভোটগণনা মুঠ ১৫ টা ৰাউণ্ডত হ’ব। ৩ টা ৰাউণ্ডৰ অন্ত পৰিছে আৰু ১২ টা ৰাউণ্ডৰ ভোটগণনা হ’বলৈ এতিয়াও বাকী।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/0es7HjC
via IFTTT
Comments
Post a Comment