কলিয়াবৰত মাইক্ৰ’ফাইনেন্সৰ চেক বিতৰণ কৰিলে মন্ত্ৰী কেশৱ মহন্তই…

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰত শনিবাৰে অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২১ৰ শুভাৰম্ভণি কৰিলে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই। নিয়মীয়া ঋণ পৰিশোধ কৰা ৰাজ্যৰ ১১ লাখ প্ৰথম শ্ৰেনী হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়োৱা অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি খন শনিবাৰে আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰি মন্ত্ৰী মহন্তই কয় যে, কলিয়াবৰ বিধান সভা সমষ্টিৰ প্ৰায় সাত হাজাৰ মহিলা এই অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি খনৰ জড়িয়তে উপকৃত হ’ব।

পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ সৌজন্যত মিছা মিলন সংঘৰ প্ৰেক্ষাগৃহত মহকুমাধিপতি পৱিত্ৰ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত অনুদান বিতৰণি সভাত মহিলা হিতাধিকাৰীৰ মাজত এই অনুদান বিতৰণ কৰা হয়।

লক্ষণীয় যে, নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত তদানীন্তন বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰফাইনেঞ্চৰ পৰা ঋন লোৱা মহিলা সকলৰ অনাদায়ী ধন চৰকাৰে পৰিশোধ কৰিব বুলি ঘোষনা কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰিলে যদিও সম্প্ৰতি সেইসকলকহে চৰকাৰে আৰ্থিক অনুদানৰে সকাহ দিছে যি সকলে নিয়মীয়াকৈ মাইক্ৰফাইনেঞ্চৰ ঋন পৰিশোধ কৰি আছে।

আজিৰ এই চেক বিতৰণ অনুষ্ঠানত পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হামিদুৰ ৰহমান, পঞ্চায়ত প্ৰতিনিধি মুনমনি দাস বৰা, চন্দন ঠাকুৰ, কিশোৰ কৰ্মকাৰ, ইৰা বৰা,পৱিত্ৰা বৰা,ৰামেশ্বৰ বৰাকে ধৰি সমাজকৰ্মী মৃনাল বৰা, শশীভূষন ৰয়, ৰেকিবুল হুছেইন আৰু পুস্কৰ জ্যোতি মহন্ত আদি উপস্থিত থাকে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/vKO2Xl0
via IFTTT

Comments