‘বিজেপিৰ এজেন্ট মমতা বেনাৰ্জী!…’

ডিজিটেল ডেস্কঃ ৪ৰাজ্যত পৰাজয়ৰ বাবে কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে এইবাৰ দোষ ঠেলিলে তৃণমূল কংগ্ৰেছলৈ। সাংসদগৰাকীয়ে দলটোৰ নেত্ৰী মমতা বেনাৰ্জীক কটাক্ষ কৰি কয়, বিজেপিক সুখী কৰিবলৈহে তৃণমূল কংগ্ৰেছৰ নেতৃত্বই গোৱাত নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছিল।
উল্লেখ্য যে, গোৱাত নিৰ্বাচনত খেলাৰ সিদ্ধান্তৰ পাছতে তৃণমূল আৰু কংগ্ৰেছৰ মাজত আৰম্ভ হৈছিল কথাৰ কটাকটি। ইটো দলে সিটো দলৰ ওপৰত অভিযোগ উত্থাপন কৰি আহিছে নিৰ্বাচনৰ আগৰে পৰাই। সাংসদগৰাকীয়ে মমতা বেনাৰ্জীক বিজেপিৰ এজেন্ট বুলিও কটাক্ষ কৰে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/pEq2BKX
via IFTTT
Comments
Post a Comment