স্বদেশলৈ ঘূৰি অহাৰ ইচ্ছা ইউক্ৰেইন সেনাবাহিনীত যোগদান কৰা ভাৰতীয় ছাত্ৰৰ…

ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ মাজতেই ভাৰতৰ এজন যুৱকে যোগদান কৰিছিল ইউক্ৰেইনৰ সেনাবাহিনীত। কিন্তু এতিয়া স্বদেশলৈ ঘূৰি আহিব বিচাৰিছে আৰ চাইনিকেশে।
তামিলনাডুৰ ২১ বছৰীয়া যুৱক আৰ চাইনিকেশ এগৰাকী এৰস্পেচ ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ।ইউক্ৰেইনত অধ্যয়ন কৰি থকা যুৱকজনে ইউক্ৰেইন সেনাবাহিনীত যোগদান কৰাৰ খবৰ সমগ্ৰ দেশতে চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছিল।
কিন্তু এতিয়া জন্মস্থান কৈম্বাটাৰুলৈ ঘূৰি আহিব বিচাৰিছে যুৱকজনে। এই কথা তেওঁৰ পিতৃয়ে জনাই। পিতৃ ৰবিচন্দ্ৰনে জনাই যে প্ৰায় ৩ দিন পূৰ্বে তেওঁ পুত্ৰৰ লগত কথা পাতিছিল আৰু তেতিয়াই পুত্ৰই নিজৰ ইচ্ছা ব্যক্ত কৰিছিল।
উল্লেখ্য যে, এই সন্দৰ্ভত বৰ্তমান ভাৰতৰ তৰফৰ চোৱা চিতা কৰি আছে আৰু পৰিয়ালৰ লোকে আশা কৰিছে যে অতি সোনকালেই তেওঁলোকৰ পুত্ৰ ঘৰলৈ ঘূৰি আহিব।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/8GkFhN1
via IFTTT
Comments
Post a Comment