পুৱাই নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষঃ দুই সন্ত্ৰাসবাদী নিহত…

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত পুৱাই নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সৃষ্টি হয় সংঘৰ্ষ। এই সংঘৰ্ষত দুজন উগ্ৰপন্থী নিহত হয়। প্ৰাপ্ত তথ্য অনুসৰি, গান্দেৰবাল অঞ্চলত তালাচীৰ সময়ত প্ৰথমে সন্ত্ৰাসবাদীৰ ফালৰ পৰা গুলীবৰ্ষণ আৰম্ভ হয়, যাৰ প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীয়েও উগ্ৰপন্থীক লক্ষ্য কৰি গুলীয়াবলৈ আৰম্ভ কৰে।
নিহত দুই সন্ত্ৰাসবাদীৰ ভিতৰত এজনক লস্কৰ-ই-তৈবাৰ পোছাকত উদ্ধাৰ কৰা হৈছে। এই মুহূৰ্তত অঞ্চলটোক চাৰিওফালৰ পৰা ঘৰি ধৰি নিৰপত্তাৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। শনিবাৰে পুৱা জন্মু-কাশ্মীৰ হান্দৱাৰাৰ ৰাজৱাৰ অঞ্চলতো সংঘৰ্ষৰ বিষয়ে তথ্য পোৱা গৈছে। ইয়াতো, সুৰক্ষা বাহিনীয়ে এজন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰিছে। আনহাতে শুকুৰবাৰেও সুৰক্ষা বাহিনীয়ে পুলৱামাত এজন সন্ত্ৰাসবাদীক হত্যা কৰিছিল।
উল্লেখ্য যে শুকুৰবাৰে নিশা সন্ত্ৰাসবাদীয়ে কুলগামত এজন চৰপঞ্চক গুলীয়াই হত্যা কৰিছিল ৷ সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰা চৰপঞ্চজন হৈছে কুলগামৰ আদুৰাৰ চৰপঞ্চ শবীৰ আহমেদ মীৰ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/qAJhGBs
via IFTTT
Comments
Post a Comment