নগাঁৱৰ বিৰহ বেবেজীয়া নৃসিংহ নামঘৰৰ প্ৰতিষ্ঠা দিৱস…

ডিজিটেল সংবাদ, বেবজীয়াঃ নগাঁও জিলাৰ বিৰহ বেবেজীয়াৰ ঐতিহাসিক নৃসিংহ নামঘৰৰ প্ৰতিষ্ঠা দিৱসটি আজি উলহমালহেৰে উৎযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে শণিবাৰে পুৱা পৰিৱেশ নিকাকৰণ, পুৱা ৯ বজাত ভাগৱত শোভাযাত্ৰাৰ অনুষ্ঠিত হয়।

উক্ত ভাগৱত শোভাযাত্ৰাত দিহানাম, খোল-তাল, নাগাৰা আৰু আইসকলৰ জাউৰী-জাউৰীয়ে হাত চাপৰি য়ে সমগ্ৰ অঞ্চলটো হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তোলে। নামঘৰ প্ৰাঙ্গনৰ পৰা ওলোৱা ভাগৱত শোভাযাত্ৰাটিয়ে বিৰহ বেবেজীয়া, গাড়ীকুৰি বেবেজীয়া, টোকোলাই বেবেজীয়াকে আদি কৰি সমগ্ৰ অঞ্চলটোতে হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তুলে।

দুপৰীয়া নাম প্ৰসংগ, বিয়লি আই সকলৰ নাম আৰু সন্ধিয়া ভাগলৈ নামঘৰ প্ৰাঙ্গনত সমূহীয়া বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ সামৰণি পৰে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/NbDpw4m
via IFTTT

Comments