নিৰ্বাচনত জয়লাভ কৰিয়েই মাতৃক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে…

ডিজিটেল ডেস্ক: ১০ মাৰ্চত ঘোষাণা হয় ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। এই ৫ খন ৰাজ্যৰ ৪ খনেই দখল কৰে বিজেপিয়ে। নিৰ্বাচনত জয় লাভ কৰিয়েই শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাক্ষাৎ কৰে মাতৃ হীৰাবেনক।
গুজৰাটৰ গান্ধীনগৰস্থিত বাসভৱনত মাতৃক সাক্ষাৎ কৰে মোডীয়ে। এই সময়চোৱাত মোডীয়ে মাতৃৰ পৰা আশীৰ্বাদ লয় আৰু একেলগে আহাৰ গ্ৰহণ কৰে।
৪ খন ৰাজ্য নিজৰ দখললৈ আনিয়েই আজি গুজৰাটলৈ যায় প্ৰধানমন্ত্ৰী মোডী। দিনটোৰ আৰাম্ভণী তেওঁ আহমেদাবাদৰ এটা ৰোড শ্বৰ পৰা কৰে।মোডীয়ে কয় যে গাঁও সমূহক শক্তিশালী আৰু স্বাৱলম্বী কৰাৰ প্ৰয়োজন আছে। ইয়াৰ পাছতে এক সভাত অংশগ্ৰহণ কৰে মোডীয়ে।
উল্লেখ্য যে, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, মণিপুৰ আৰু গোৱাত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয় বিজেপি। দলটোৰ জয়ৰ পাছত প্ৰধানমন্ত্ৰী মোডীৰ এয়া প্ৰথম গুজৰাট ভ্ৰমণ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/9o4HFb2
via IFTTT
Comments
Post a Comment