নাৰায়ণপুৰৰ বিশিষ্ট সমাজকৰ্মী বিপুল নাৰায়ণ ভূঞালৈ ডক্টৰেট উপাধি প্ৰদান…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বিশিষ্ট সমাজসেৱক,নাৰায়ণপুৰ গেছ এজেঞ্চীৰ স্বত্বাধিকাৰ বিপুল নাৰায়ণ ভূঞাক দেওবাৰে নতুন দিল্লীস্থিত ইণ্ডিয়া হেবিটেত চেন্টাৰৰ প্রক্ষাগৃহত বিশ্ব গৱেশনা সমিতিয়ে আয়োজন কৰা এখন বিশেষ সভাত ঠিয়ফানি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা বিশিষ্ট সমাজ সেৱকৰ স্বীকৃতি স্বৰূপে ডক্তৰেট উপাধি প্রদান কৰে ।
এগৰাকী প্ৰতিস্থিত ব্যৱসায়ী হৈও সমাজৰ বিভিন্ন স্তৰত সেৱা আগবঢ়াই অহা বিপুল নাৰায়ণ ভূঞাৰ ঘৰ নাৰায়ণপুৰৰ চৰাইদলনিত।
বিশেষ ভাৱে সক্ষম হৈও নাৰায়ণপুৰৰ লগতে লখিমপুৰ জিলাৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিস্থানৰ ওতঃপ্ৰোত ভাবে জৰিত হৈ অহা বিপুল নাৰায়ণ ভূঞাক এই সন্মান প্ৰদান কৰা কাৰ্যত উৎফুল্লিত হৈ পৰিছে শুভাকাংক্ষী সকল।আনহাতে জীৱনৰ এটি বিশেষ অংগ লাভ কৰিবলৈ পায় আনন্দিত হৈ পৰাৰ লগতে ঠিওফানি বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে বিপুল নাৰায়ণ ভূঞাই।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/yfurQsT
via IFTTT
Comments
Post a Comment