আজি বিজেপি মিত্ৰজোঁট চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি…

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি। বিজেপি চৰকাৰৰ বৰ্ষপূৰ্তি উপলক্ষে খানাপাৰৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশ ল’ব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে।

চলিত চৰকাৰখনক লৈ ইতিমধ্যে বিভিন্ন জনে বিভিন্নধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ২০২২ৰ ৩১মাৰ্চৰ লৈকে ১,০৮,৩৪৭.২৭কোটি টকাৰ ধাৰত পোত গৈ আছে বৰ্তমানৰ চৰকাৰখন। এটা বছৰতে ১৫,২৭১.২৭কোটি টকাৰ ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।

ইফালে এই চৰকাৰখনে বিগত এটা বছৰত ড্ৰাগছৰ বিৰুদ্ধে চলোৱা যুঁজখনক লৈ জনতাই সন্তুষ্টি ব্যক্ত কৰিছে। মিছন বসুন্ধৰাক লৈও সুখী একাংশ জনতা। এনেকৈয়ে ৰাইজৰ মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টিৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে পাৰ কৰিলে এটা বছৰ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Y4h3aCM
via IFTTT

Comments