আলফা(স্বা)ত যোগদান উদীয়মান কণ্ঠশিল্পীৰ লগতে কনিষ্ঠ অভিযন্তা…

ডিজিটেল ডেস্ক: পুনৰ আলফা(স্বা)ত যোগদানৰ সন্দেহ দুই যুৱকৰ বিৰুদ্ধে। গুৱাহাটী মহানগৰীৰ পৰা এজনৰ আলফা(স্বা)ত যোগদানৰ সন্দেহ। গীতামন্দিৰৰ মানৱ ডেকা নামৰ যুৱকজন আলফাত যোগদানৰ সন্দেহ পৰিয়ালৰ।

পেচাত কনিষ্ঠ অভিযন্তা আছিল মানৱ ডেকা। যুৱকজনক ওভতাই পঠিয়াবলৈ পৰেশ বৰুৱাক আহ্বান পৰিয়ালৰ। কিছুদিন ধৰি নিৰুদ্দেশ হৈ আছে মানৱ ডেকা।

অন্যহাতে মৰাণৰ উদীয়মান কণ্ঠশিল্পী আলফা(স্বা)ত যোগদানৰ সন্দেহ। ৫ মে’ৰ পৰা নিৰুদ্দেশ অভিলেখ বৰা।মোবাইল মেৰামতি কৰিবলৈ গৈ উভতি নাহিল কণ্ঠশিল্পী গৰাকী। ঘৰৰ পৰা ওলাই যোৱাৰ পাছতেই যোগাযোগ বিচ্ছিন্ন পৰিয়ালৰ সৈতে।

ইয়াৰ পাছতেই চিন্তিত হৈ পৰিছে পৰিয়াল বৰ্গ। অভিলেখৰ পত্নী আৰু সন্তানে কান্দি কান্দি উভতি আহিবলৈ তেওঁক আহ্বান জনায়।

আৰু পঢ়ক: চৰাইদেউ জিলাত গুণোৎসৱৰ নামত বেমেজালি…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/oIpwLV2
via IFTTT

Comments