নিশা ১২বজাত অসম পালেহি অমিত শ্বাহঃ কি কি কাৰ্যসূচীত ল’ব অংশ, সবিশেষ…

ডিজিটেল ডেস্কঃ নিশা ১২বজাত অসম পালেহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিমান বন্দৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতাসকলে আদৰণি জনায় শ্বাহক। উল্লেখ্য কৰা প্ৰয়োজন যে, দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হৈছে অমিত শ্বাহ।

গৃহমন্ত্ৰীগৰাকীয়ে এই দুয়োটা দিনত ৰাজ্যৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কাৰ্যসূচী অনুসৰি, ৯ মে’ত অসমত উপস্থিত হোৱাৰ পিছতে অংশগ্ৰহণ কৰিব বিএছএফৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত ৷ সন্ধিয়া উদ্বোধন কৰিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালখন ৷ 

আনহাতে, দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে ১০ মে’ত অমিত শ্বাহে ৰাষ্ট্ৰপতিৰ হৈ অসম আৰক্ষীক প্ৰদান কৰিব “ৰাষ্ট্ৰপতিৰ কালাৰ” সন্মান ৷ পৰৱৰ্তী সময়ত দিনৰ ১.৩০ বজাত মন্ত্ৰীগৰাকীয়ে এখন দলীয় সমাৱেশত অংশগ্ৰহণ কৰিব ৷ তদুপৰি বিয়লিৰ ভাগত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত অংশ লৈ গুৱাহাটীত নতুনকৈ নিৰ্মাণ হ’বলগীয়া কামৰূপ(ম) জিলাৰ উপায়ুক্তৰ কাৰ্যালয়, মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়, এটা প্ৰেক্ষাগৃহকে ধৰি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/8Kj7FAJ
via IFTTT

Comments