গোৱালপাৰাত ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ নিচাজাতীয় টেবলেটসহ যুৱকক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ গোৱালপাৰা: গোৱালপাৰাত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। বৃহস্পতিবাৰে সন্ধিয়া গোৱালপাৰা টাউন আৰক্ষীয়ে চলায় এক সফল অভিযান।নিৰ্ভৰযোগ্য খবৰৰ ভিত্তিত চহৰৰ উপকণ্ঠ বৰপাহাৰৰ ঘুল্টুং বজাৰত চলোৱা অভিযানত বুজন পৰিমাণৰ নীলা আৰু অইন নিচাজাতীয় টেবলেটসহ এগৰাকী যুৱকক আৰক্ষীয়ে হাটেলোটে গ্ৰেপ্তাৰ কৰে।
নিজ গৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজনৰ নাম হ’ল ৰফিকুল ইছলাম।যুৱকজনে ঘৰৰ চৌহদত গাঁত খান্দি অতি কৌশলেৰে বুজন পৰিমাণৰ নিচাজাতীয় নীলা টেবলেটসমূহ লুকুৱাই ৰাখিছিল। সম্প্ৰতি যুৱকজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
আৰক্ষীৰ জেৰাত ড্ৰাগছৰ লগত জড়িত জিলাখনত বা কাষৰীয়া জিলাৰ ৰৌ-বৰালি জালত পৰাৰ সম্ভাৱনা আছে বুলি অনুমান কৰা হৈছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/OgyNjGK
via IFTTT
Comments
Post a Comment