ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, গোলাঘাট জিলাৰ উদ্যোগত শৈক্ষিক অভিযান…

ডিজিটেল সংবাদ নুমলীগড়ঃ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, গোলাঘাট জিলা উদ্যোগত নুমলীগড় ছচিঅʼ ডেভেলপমেন্ট ছ’চাইটি আৰু প্ৰজন্ম কমাৰগাঁৱৰ সহযোগত অনুসূচীত জাতি আৰু জনজাতিৰ সৰ্বাংগীন বিকাশৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, গোলাঘাট জিলা সমিতিৰ এক বিশেষ আঁচনিৰ শৈক্ষিক অভিযান বৃহত্তৰ নুমলীগড় অঞ্চলৰ নুমলীগড় চাহ বাগিছাৰ অন্তৰ্গত বি এম পি লাইন অঞ্চলত আজি অনুষ্ঠিত হয়। বৰমহৰি পথাৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগনত আয়োজন কৰা অনুষ্ঠানত ঝুমুৰ নৃত্য পৰিৱেশন কৰে। লগতে স্হানীয় ৰাইজৰ মাজত শৈক্ষিক দিশৰ ওপৰত অনুষ্ঠিত হয় এক অন্তৰংগ আলাপ।
নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়াই আঁত ধৰা অনুষ্ঠানত গোলাঘাট জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ড০ সমীৰন বৰাই চাহ বাগিছাৰ লগতে কিছু অঞ্চলত বাল্য বিবাহ, শিশু শ্ৰমিক, পুষ্টিহীনতা আদিৰ ওপৰত বক্তব্য প্ৰদান কৰাৰ লগতে ৰাইজৰ সৈতে মত বিনিময় কৰে। বোকাখাত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰুদ্ৰ শইকীয়া, বোকাখাত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ সমল ব্যক্তি প্ৰদীপ শৰ্মা, ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পাৰুল দেৱীয়ে বৰ্তমান শিক্ষা ব্যৱস্হাত অভিভাৱক সকলক জড়িত হ’বলৈ লগতে শিক্ষাৰ অধিকাৰ আইনৰ অনুসৰি সকলোকে মানুহে গঢ়াৰ লক্ষ্যৰে বিদ্যালয়লৈ পথাবলৈ আহ্বান জনায়। আটছাৰ বোকাখাত সমিতিৰ সম্পাদক অমৃত সাগৰ আৰু নুমলীগড় বাগিছা সংঘৰ সভাপতি নাথু দুচাদে বক্তব্য প্ৰদান কৰে।
ক্লিক কৰি পঢ়কঃ IITৰ সহযোগত গৱেষণাৰ বাবে নিৰ্মাণ হ’ব মাল্টি চুপাৰ স্পেচিয়েলিটি হাস্পতালঃ চাওক ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহ….
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/U7qbgBd
via IFTTT
Comments
Post a Comment