গোপন সূত্ৰৰ পম খেদি নগাঁৱত ড্ৰাগছ সৰহবৰাহকাৰীক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, নগাওঁঃ নগাঁও জিলাৰ ধিং আৰক্ষী থানাৰ অন্তৰ্গত উধানতলাৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী আটক। এক গোপন সূত্ৰৰ পম খেদি ধিং আৰক্ষী আৰু জুৰীয়া আৰক্ষীয়ে চলোৱা যৌথ অভিযানত আজি নিশা নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত উধানতলাৰ পৰা এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত ছহিদুল আলম(৩১) নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ৮ টা প্লাষ্টিক কন্টেনাৰত ৬ গ্ৰাম হেৰ’ইন, ২৪ টা খালী কন্টেনাৰ আৰু ৫ টা মবাইল হেণ্ডছেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/eFNDaqs
via IFTTT

Comments