চৰাইদেউ মথুৰাপুৰত ব’হাগী উৎসৱ…

ডিজিটেল সংবাদ চৰাইদেউঃ চৰাইদেউ জিলাৰ মথুৰাপুৰতো আজিৰে পৰা দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজহুৱা খেলপথাৰত ত্ৰয়োদশ বাৰ্ষিক ব’হাগী উৎসৱ অনুষ্ঠিত হৈছে ৷ এই উপলক্ষে সন্ধিয়া অনুষ্ঠিত হোৱা নিমন্ত্রিত বিহু হুচৰি প্ৰদৰ্শনত শিৱসাগৰ চেৰেকাপাৰ সূৰুযমুখী হুঁচৰি দলে সহস্ৰাধিক দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হয় ৷ বিহুৰ কাৰ্যসূচী অনুসৰি পুৱা বিহুৱান উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি দ্ৰোণ বড়াই৷
উদযাপন সমিতিৰ সম্পাদক অজন্তা বৰুৱাই স্মৃতি তৰ্পণ কৰাৰ পিচতেই বিশিষ্ট সমাজকৰ্মী তথা চাহখেতিয়ক জিতেন ৰাজকোঁৱৰৰে বৃক্ষৰোপণ আৰু সমাজকৰ্মী যুগল বৰগোহাঁইয়ে কণী যুঁজ আৰু ছাত্ৰ ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন, কবিতা আবৃত্তি প্ৰতিযোগিতাৰ উদ্বোধন কৰে ৷
সন্ধিয়া প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ বৰঠাকুৰ সোঁৱৰণী মঞ্চত উদ্বোধন কৰে শিক্ষক নিৰোদ বৰঠাকুৰে৷ ইয়াৰ পিচতে আমন্ত্ৰিত হুঁচৰি,মৌকুঁৱৰী প্ৰদৰ্শন কৰা হয় ৷ নিশালৈ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান হব ৷
ক্লিক কৰি পঢ়কঃ IITৰ সহযোগত গৱেষণাৰ বাবে নিৰ্মাণ হ’ব মাল্টি চুপাৰ স্পেচিয়েলিটি হাস্পতালঃ চাওক ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহ….
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/RwBNxKk
via IFTTT
Comments
Post a Comment