ঐতিহাসিক নিৰ্দেশ; ১৫২ বছৰ পুৰণি ৰাষ্ট্ৰদ্ৰোহ আইন স্থগিত…

ডিজিটেল ডেস্ক: উচ্চতম ন্যায়ালয়ে বুধবাৰে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে এক ঐতিহাসিক অন্তৰ্ৱতীকালীন নিৰ্দেশযোগে ব্ৰিটিশ আমোলৰ ৰাষ্ট্ৰদ্ৰোহ আইনৰ প্ৰয়োগৰ ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰে।
ৰাষ্ট্ৰদ্ৰোহ অপৰাধৰ সৈতে জড়িত ভাৰতীয় দণ্ডবিধইৰ ধাৰা ১২৩-এৰ অধীনত ৰুজু কৰা গোচৰৰ সকলো বিচাৰ, আপীল তথা কাৰ্যধাৰা স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে ন্যায়ালয়ে।
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ এন ভি ৰামানাৰ নেতৃত্বত এই সম্পৰ্কীয় গোচৰৰ শুনানি কালত ৩ জনীয়া ন্যায়ধীশৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰে।
নিৰ্দেশত কোৱা হৈছে যে কেন্দ্ৰই পুনৰ বিবেচনা নকৰা পৰ্যন্ত ৰাষ্ট্ৰদ্ৰোহ আইনৰ প্ৰয়োগ স্থগিত ৰখা হৈছে। এই আইনৰ অধীনত কোনো গোচৰ কেন্দ্ৰ বা ৰাজ্য চৰকাৰে ৰুজু কৰিব নোৱাৰিব। লগতে এই আইনৰ অধীনত পূৰ্বে ৰুজু হোৱা গোচৰৰ ভিত্তিত কাকো গ্ৰেপ্তাৰ কৰিব নোৱাৰিব।
ৰাষ্ট্ৰদ্ৰোহ আইনৰ অধীনত এতিয়া কাৰাবন্দী লোকসকলে এতিয়া জামিনৰ বাবে আৱেদন কৰিব পাৰিব। উল্লেখ্য যে, ১৫২ বছৰ পুৰণি এই আইনখন বিলোপৰ পক্ষপাতী নৰেন্দ্ৰ মোডী।
আৰু পঢ়ক: বিতৰ্কিত ঠিকাদাৰ শৈলেন শৰ্মাক গ্ৰেপ্তাৰ…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/gqXx2Pw
via IFTTT
Comments
Post a Comment