মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনত থকা বিভাগত দুৰ্নীতি…

ডিজিটেল ডেস্ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভাগত দুৰ্নীতি।মুখ্যমন্ত্ৰী অধীনত থকা লোক নিৰ্মাণ বিভাগত দুৰ্নীতি। মুখ্যমন্ত্ৰী বিভাগত ঠিকাদাৰ ধৰ্মজ্যোতি বৰদলৈ সংঘটিত কৰিছে এই দুৰ্নীতি ।
মৰিগাঁওত পথ নিৰ্মাণৰ নামত সংঘটিত হৈছে ভয়ানক দুৰ্নীতি। পথ নিৰ্মাণৰ নামত অতি নিম্নমানৰ কাম কৰিছে ঠিকাদাৰ ধৰ্মজ্যোতি বৰদলৈয়ে।দহ দিন পূৰ্বে নিৰ্মাণ কৰা পথতোৰ ঠায়ে ঠায়ে এৰি গৈছে ব্লেক টপিং।মাটিৰ ওপৰতে ব্লেক টপিং কৰাত চকলা চকলিকৈ এৰি যায়।
এই পথটো মৰিগাঁও সদৰ সমষ্টিৰ বাচনা ঘাটৰ পৰা এজাৰবাৰীলৈ ৩ কোটি ৩২ লাখ টকাৰে নিৰ্মান হৈ থকা ৬.২৫ কিলোমিটাৰ দৈৰ্ঘৰ পথ। বিগত ২০২১ চনৰ ১২ মে’ত আৰম্ভ হোৱা পথ নিৰ্মাণৰ কামটো চলিত বৰ্ষৰ ৯ ফেব্ৰুৱাৰী তাৰিখে সমাপ্ত হ’ব লাগিছিল যদিও এতিয়াও কিছু কিছু ঠাইত আৰম্ভ নোহোৱাকৈ আছে পথ নিৰ্মাণৰ কাম।
শেহতীয়াকৈ পথটোৰ নিৰ্মান হোৱা অংশত দেখিবলৈ পোৱা গৈছে ব্যাপক বিসংগতি। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি মৰিগাঁও জিলা উপায়ুক্তই দণ্ডাধীশৰ লগতে গড়কপ্তানী বিভাগৰ বিষয়াক পৰিদৰ্শনৰ বাবে পঠায় যদিও বিভাগীয় অভিযন্তাই ৰাইজক গা এৰা মন্তব্য কৰাৰ লগতে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ পৰা বিৰত থাকে। অন্যহাতে স্থানীও ৰাইজে এই পথটিৰ বিসংগতি সমূহ দূৰ কৰি চৰকাৰৰ পৰা আবন্তিত টকাৰে সঠিক ভাৱে নিৰ্মান কৰিবলৈ দাবী জনায়।
আৰু পঢ়ক: ধেমাজিত দলৰ কৰ্মী সভাত অংশগ্ৰহণ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/i1dlLkQ
via IFTTT
Comments
Post a Comment