বোকাজানত ১৪কোটি টকাৰ ড্ৰাগছ জব্দ…

  • কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতা।
  • বোকাজানৰ ডিলাইত প্ৰায় ২ কেজি ড্ৰাগছ জব্দ।
  • ডিলাইৰ ১২ মাইলত আৰক্ষীৰ বিশেষ নাকা তালাচীত জব্দ ড্ৰাগছখিনি।
  • ডিমাপুৰৰ দিশৰ পৰা অহা এখন মাৰুটি চিয়াজ গাড়ীত আনিছিল ড্ৰাগছখিনি।
  • মাৰুটি চিয়াজখনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১৫২ টা ড্ৰাগছভৰ্তি চাবোনৰ বাকচ।
  • মণিপুৰৰ দুই ড্ৰাগছ সৰবৰাহকাৰী লানাহমাই ষ্টেফেন আৰু ৰকো বাইপ’ ক আটক কৰে ডিলাই আৰক্ষীয়ে।
  • জব্দকিত ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ১৪ কোটি টকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/S9Abwzf
via IFTTT

Comments