বিধায়ক ৰেকিবুদ্দিন আহমেদে প্ৰদান কৰিলে এম্বুলেঞ্চ
ডিজিটেল সংবাদ,ছমৰীয়া-:কামৰূপ জিলাৰ ছয়গাওঁ বিধানসভা সমষ্টিৰ অন্তৰ্গত বামুণীগাওঁ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত দেওবাৰে এখন এম্বুলেঞ্চ প্ৰদান কৰিলে ছয়গাওঁৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে। বিধায়ক গৰাকীয়ে তেওঁৰ বিধায়ক এলেকা উন্নয়ন পুঁজি ২০২১/২২ ৰ জৰিয়তে আঠ লাখ পঞ্চাচ হাজাৰ টকা ব্যয় সাপেক্ষে টাটা এক্সপ্ৰেছ এম্বুলেঞ্চ এখন প্ৰদান কৰে।
বিধায়ক ৰেকিবুদ্দিন আহমেদৰ সৈতে তেওঁৰ সহধৰ্মিনী নুৰি আহমেদে বড়ো জনগোষ্ঠীৰ সাজ পোছাক পৰিধানেৰে এম্বুলেঞ্চ চালকৰ আসনত বহি এম্বুলেঞ্চখন প্ৰদান কৰে চিকিৎসালয় কৰ্তৃপক্ষক।বিধায়ক পুঁজিৰে ইতিমধ্যে গোবৰ্ধনস্থিত ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,গৰৈমাৰী সামূহীক স্বাস্থ্য কেন্দ্ৰৰ পাছত দেওঁবাৰে বামুণীগাওঁস্থিত বামুণীগাঁও মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত এম্বুলেন্স প্ৰদান কৰে বিধায়ক গৰাকীয়ে।
এই এম্বুলেঞ্চ প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বনগাঁও ব্লক কংগ্ৰেছৰ সভাপতি চবিন বড়ো,গৰৈমাৰী ব্লক কংগ্ৰেছৰ সভাপতি ছামছুল হক,বামুণীগাওঁ আদৰ্শ হস্পিতালৰ উপ অধীক্ষক ললিতা ৰংহাংপি,চিকিৎসালয় খনৰ চিকিৎসক ধ্ৰুৱজ্যোতি বৰুৱা,বনগাঁও খণ্ড উন্নয়ন বিষয়া গুলচানা চুলতানাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।বিধায়ক গৰাকীয়ে ভাষন প্ৰসংগত কয় যে এজন ৰোগীৰ কিবা হ’লে সময়ত কেতিয়াবা এম্বুলেঞ্চ এখন নোপোৱাৰ ফলত মৃত্যুমুখত পৰে বুলি কৈ এম্বুলেঞ্চখন আজিৰে পৰা এই চিকিৎসালয়ৰ সম্পত্তি হ’ল।
লগতে তেওঁ কয় যে এম্বুলেঞ্চ খনৰ জৰিয়তে এই অঞ্চলৰ ৰোগীৰ উপকাৰ হ’ব বুলি কৈ আগুন্তুক তিনি মাহৰ ভিতৰত চিকিৎসালয় খনৰ কৰ্মচাৰীৰ যাতায়তৰ সুবিধা হোৱাকৈ এখন বাহন প্ৰদান কৰিব বুলি আশ্বাস প্ৰদান কৰে।একেদৰে মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় খনৰ সমীপৰ বনগাওঁত এশ কোটি টকা ব্যয় সাপেক্ষে চিনিয়ৰ চিটিজেন আৰু চাইল্ড হোমৰ বৃহৎ প্ৰতিষ্ঠান ৰাইজৰ সেৱাৰ বাবে গঢ়ি তোলাৰ কথা ঘোষনা কৰে।তেওঁ ভাষন প্ৰসংগত প্ৰায় ৮৫ কোটি টকা ব্যয় কৰি ছয়গাঁও উকিয়াম পথটো এক উন্নতমানৰ নিৰ্মানৰ পৰিকল্পনা,১৪কোটি টকা ব্যয় সাপেক্ষে গুমীৰ পৰা মথাউৰিৰ পকীকৰণ আৰু ছয়গাঁও নোৱাপাৰাত স্বাধীনতাৰ পিছত চিআৰপিএফৰ স্থায়ী কেম্প নিৰ্মাণৰ বাবে ৭৮বিঘা ভূমি অসম চৰকাৰৰ ৰাজহ বিভাগে গৃহ বিভাগলৈ ভূমি হস্তান্তৰ কৰা ইত্যাদি কথা উল্লেখ কৰে।
বিধায়ক গৰাকীৰ পত্নী নুৰি আহমেদে ভাষন প্ৰসংগত কয় যে,বিধায়ক ৰেকিবুদ্দিন আহমেদে আশ্বাস প্ৰদান কৰিলে সেই আশ্বাস আন্তৰিকতাৰে পালন কৰে।এম্বুলেন্সখন বহু ৰোগীৰ উপকাৰত আহিব বুলি মতপোষণ কৰি ক’ৰোনা মহিমাৰীৰ সময়ত নিজৰ জীৱন তুচ্ছ কৰি ৰোগীক সেৱা আগবঢ়োৱা চিকিৎসক সকলক ধন্যবাদ জ্ঞাপন কৰে।ইয়াৰ পিছতে আদৰ্শ চিকিৎসালয় খনৰ কৰ্তৃপক্ষৰ হৈ উপ অধীক্ষক ললিতা ৰংহাংপিয়ে বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এই মহানুভবতাক প্ৰশংসা কৰে আৰু শলাগ লয়।
আৰু পঢ়ক: ওদালগুৰিত যুৱকৰ মৃতদেহ উদ্ধাৰ
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/YbwgVTM
via IFTTT
Comments
Post a Comment