দুঃখবৰ- হাতত কেচুৱা লৈ অহা মহিলাক বনৰীয়া হাতীৰ আক্ৰমণ, হস্পাতালত মৃত্যু…

- বোকাজান পুৱাই বনৰীয়া হাতীৰ আক্ৰমণ।
- হাতত কেঁচুৱা লৈ ঘৰৰ পৰা ওলাই আহোঁতে চুলিত ধৰি টানি আনিলে বনৰীয়া হাতীয়ে।
- হাতীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হয় মাতৃ কন্যা।
- বোকাজান সমূহীয়া স্বাস্থ্য কেন্দ্ৰ ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে মাতৃ গৰাকীক।
- অন্যহাতে তিনি বছৰীয়া কণমানিজনীক সংকটজনক অৱস্থাত ডিমাপুৰ প্ৰেৰণ কৰা হৈছে।
- বোকাজানৰ ঘৰীয়ালডুবিত সংঘটিত হৈছে এই কৰুণ ঘটনা।
- ৰমেশ ওৰাং নামৰ লোকজনৰ বাৰীত কঁঠাল খাই আছিল বনৰীয়া হাতীটোৱে।
- হাতী দেখি কুকুৰে ভোকাত পত্নী মামনি ওৰাং আৰু তিনিবছৰীয়া কন্যা বৰষা ওৰাং লৈ ওলাই আহোঁতে চুলিত ধৰি আজুৰি আনে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/ug2l9zq
via IFTTT
Comments
Post a Comment