আজিৰে পৰা ৰাজ্যৰ ৪৬ হাজাৰ বিদ্যালয়ত হ’ব গুণোৎসৱ…

ডিজিটেল ডেস্ক: বুধবাৰৰ পৰা ৰাজ্যত আৰম্ভ গুণোৎসৱ। আজি গুণোৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। ৪৬ হাজাৰ বিদ্যালয়ত ৩ টা পৰ্যায়ত হ’ব গুণোৎসৱ। আজিৰে পৰা ৪ জুনলৈ অনুষ্ঠিত হ’ব গুণোৎসৱ।

আজিৰ পৰা প্রথম পর্যায়ৰ গুণোৎসৱৰ কার্যসূচী । ১২ মে’ৰ পৰা ১৪ মে’লৈকে হ’ব বহী মূল্যায়ন। প্রথম পর্যায়ত বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, দৰং, ধেমাজি, ডিব্রুগড়ত, গোৱালপাৰা, কৰিমগঞ্জ, কার্বি আংলং, নগাঁও, নলবাৰীত হ’ব গুণোৎসৱ।

দ্বিতীয় পর্যায়ৰ গুণোৎসৱ আৰম্ভ হ’ব ২৩ মে’ৰ পৰা। ২৪ মে’ৰ পৰা ২৬ মে’লৈ বহী মূল্যায়ন কার্যসূচী। দ্বিতীয় পৰ্যায়ত বৰপেটা, গোলাঘাট, হাইলাকান্দি, হোজাই, কামৰূপ, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰত, দক্ষিণ শালমাৰা, মানকাচৰ, তিনিচুকীয়া, ওদালগুৰিত হ’ব গুণোৎসৱ।

১ জুনৰ পৰা আৰম্ভ হ’ব তৃতীয় পর্যায়ৰ গুণোৎসৱ। ২ৰ পৰা ৪ জুনলৈ বহী মূল্যায়ন কার্যসূচ । তৃতীয় পৰ্যায়ত বাক্সা, কাছাৰ, চিৰাং, ধুবুৰী, ডিমা হাছাও, যোৰহাট, কামৰূপ মেট্র’, লখিমপুৰ, শোণিতপুৰ,পশ্চিম কার্বি আংলঙত হ’ব গুণোৎসৱ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/X79sPOi
via IFTTT

Comments