অসম আৰক্ষীৰ বাবে আজি এটা গৌৰৱৰ দিন, উখল-মাখল নেহৰু ষ্টেডিয়াম…

ডিজিটেল ডেস্কঃ অসম আৰক্ষীৰ বাবে আজি এটা গৌৰৱৰ দিন। শান্তি আৰু যুদ্ধ উভয় ক্ষেত্ৰতে ৰাষ্ট্ৰলৈ আগবঢ়োৱা ব্যতিক্রমী সেৱাৰ স্বীকৃতি স্বৰূপে আজি অসম আৰক্ষীক ৰাষ্ট্ৰপতিৰ নিচান প্রদান কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
সেইহেতুকে অসম আৰক্ষী তথা অসম চৰকাৰে আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত পুৱা ৯.৩০ বজাত অনুষ্ঠানৰ আৰম্ভ হব। ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এই অনুষ্ঠানতে অসম আৰক্ষীৰ জোৱান সকলে অংশ লব পেৰেডত। উল্লেখ কৰা প্ৰয়োজন যে, অসম হৈছে ৰাষ্ট্ৰপতিৰ নিচান সন্মান লাভ কৰা নৱমখন ৰাজ্য।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/OnoyReL
via IFTTT
Comments
Post a Comment