ধেমাজিত দলৰ কৰ্মী সভাত অংশগ্ৰহণ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ

ডিজিটেল সংবাদ ,ধেমাজি: ৰাইজৰ দলৰ সাংগঠনিক ভেটি সৱল কৰা উদ্দেশ্য মঙলবাৰে ধেমাজি সাহিত্য সভা ভৱনত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আহি উপস্থিত হয় ৷ ধেমাজি জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা কৰ্মী সভাখনত জিলাখনৰ ৰাইজৰ দলৰ প্ৰায় তিনি শতাধিক অংশগ্ৰহণ কৰে ৷
কৰ্মী সভাত দলৰ সভাপতি অখিল গগৈৰ লগতে দলৰ মূখপাত্ৰ ড• জ্ঞানশ্ৰী বৰা , দলৰ উপ- সভাপতি , কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি দ্বয় মুকুট ডেকা আৰু ৰাজু বৰপাত্ৰগোহাঁই , সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু বিটু সোনোৱাল , ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মানস কোঁৱৰ , সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা আৰু সহকাৰী সাধাৰণ সম্পাদক ৰুদ্ৰ ভূঞাঁই উপস্থিত থাকে ৷
কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সৈতে সুকীয়া সুকীয়াকৈ কৰ্মী সভা অনুষ্ঠিত হয়। সভাত অখিল গগৈয়ে ৰাইজৰ দলৰ সপোনৰ অসমখন বাস্তৱ ৰূপ দিবলৈ ৰাইজৰ দলৰ পৰিকল্পনা কথা উল্লেখ কৰি অহা পঞ্চায়ত নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰতা নকৰাকৈ নিজাববীয়াকৈ ধেমাজিত নিৰ্বাচনত অংশগ্ৰহণ কৰা কথা উল্লেখ কৰে।
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সৈতে অনুষ্ঠিত হোৱা সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি মুকুট ডেকা , ৰাজু বৰপাত্ৰগোঁহাই সাধাৰণ সম্পাদকদ্বয় বিদ্যুৎ শইকীয়া আৰু বিটু সোণোৱাল , ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মানস কোঁৱৰ, সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা আৰু সহকাৰী সাধাৰণ সম্পাদক ৰুদ্ৰ ভূঞাঁই সাংগঠনিক কাম-কাজৰ সম্পৰ্কে পৰ্যালোচনা কৰে।
ইফালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সৈতে সাংবাদিক সকলে হোৱা বাৰ্তালাপত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ
বৰ্ষপুতি অনুষ্ঠানকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গগৈয়ে ৷ বক্তব্যত গগৈয়ে বিজেপি চৰকাৰখনৰ শাসন কালত
ৰাইজক কেৱল মূল্য বৃদ্ধি উপহাৰ দিলে বুলিহে উল্লেখ কৰে। হিমন্ত বিশ্ব শৰ্মা এবছৰীয়া শাসন ভাৰ অনুষ্ঠানক ১০ ভিতৰত বিয়োগ কৰি (৮ -) নম্বৰহে প্ৰদান কৰিলো বুলি উল্লেখ কৰে ৷
আৰু পঢ়ক: দুৰ্বৃত্তই লুটি নিলে ধন-সোণ, বাধা দিয়া যুৱতীক আক্ৰমণ
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/f58lsqC
via IFTTT
Comments
Post a Comment