‘হাল বোৱা-খেতি কৰা মোৰ পূৰণি অভ্যাস’- কৃষি মন্ত্ৰী অতুল বৰা…

ডিজিটেল সংবাদ নগাঁও : ‘মই গাঁৱৰ ল’ৰা ৷ গাঁৱতে মোৰ ঘৰ ৷ সৰুতে হাল বাইছিলো ৷ হাল বোৱা খেতি কৰা অভ্যাস মোৰ পূৰণি ৷ কৃষকৰ দুখ মই বুজি পাওঁ ৷’ – এই বক্তব্য ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাৰ ৷ লগতে কৃষিমন্ত্ৰী বৰাই কয় যে- নগাঁও জিলাত সৃষ্টি হোৱা বানত কৃষক সকলৰ বিস্তৰ ক্ষতি হৈছে ৷ কৃষকৰ বানৰ ফলত হোৱা লোকচানৰ বাবে যাৱতীয় ব্যৱস্হা গ্ৰহণ কৰা হব ৷
বৃহস্পতি বাৰে নগাঁও জিলাৰ লাওখোৱা চৰকাৰী বীজপামত জিলা কৃষি বিভাগৰ উদ্যোগত আৰু ব্ৰহ্মপুত্ৰ কৃষক উৎপাদক সংস্থাৰ সহযোগত আয়োজিত সমূহীয়া বীজ সিঁচা পৰ্বত কৃষিমন্ত্ৰী অতুল বৰাই অংশ লৈ কৃষকসকলেৰে একেলগে ট্ৰেক্টৰেৰে মাটি চহ কৰি কৃষকসকলক উৎসাহিত কৰে। এই অনুষ্ঠানত অংশ লৈ কৃষিমন্ত্ৰী বৰাই লগতে কয় যে- ৰাজ্যখনৰ ৩২ খন জিলাৰ ৭,২৬২ খন গাঁৱৰ ৬,৮৩,৭৮৫টা কৃষক পৰিয়াল শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ১,৪৩,০০০ হেক্টৰৰো অধিক কৃষিভূমি জলমগ্ন হৈছে।
নগাঁও জিলাখনৰো ৩,৩৩৮ খন গাঁৱৰ ৩৫,০০০ৰো অধিক কৃষক পৰিয়াল ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ১৯,০০০ হেক্টৰৰো অধিক কৃষিভূমি জলমগ্ন হৈছে। ৬ হেক্টৰ ভূমিত লাওখোৱাত সিঁচা বাহাদুৰ চাব-১ শীৰ্ষক বানপানী সহনশীল তথা কমসময়ৰ ভিতৰতে উৎপাদনক্ষম জাতৰ ধানৰ এই প্ৰজাতিবিধৰ বীজসমূহে বানত কঠীয়া নষ্ট হোৱা নগাঁৱৰ কৃষকসকললৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিব বুলি মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে।
সম্প্ৰতি নগাঁও জিলাৰ বান পৰ্যবেক্ষণ আৰু তদাৰকত ব্যস্ত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে- বানত ক্ষতিগ্ৰস্ত কৃষকসকলক সকাহ দিবৰ বাবে বানৰ কবলত পৰা প্ৰতিখন জিলাত পৰ্যাপ্ত পৰিমাণৰ সমূহীয়া কঠীয়াতলী স্থাপন আৰু উন্নতমানৰ ধানৰ বীজ বিতৰণৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে সংশ্লিষ্ট বিষয়াসকলক এই সন্দৰ্ভত যাৱতীয় নিৰ্দেশনা দিয়াৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমযোগে অৱগত কৰে।
লগতে ক্ষতিগ্ৰস্ত কৃষকসকলে ক্ষতিপূৰণ নিৰ্ধাৰিত সময়তকৈ আগতেই দিবলৈ সিদ্ধান্ত লোৱাৰ লগতে বিভাগীয় ক্ষতিপূৰণ প্ৰদান প্ৰক্ৰিয়াটো ক্ষিপ্ৰ কৰি তোলাৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও কয় মন্ত্ৰী অতুল বৰাই । অনু্ষ্ঠানটিত নগাঁৱৰ জিলা কৃষি বিষয়া তৰুণ হাজৰিকা, জ্যেষ্ঠ কৃষি বিষয়া দিলীপ বৰা , মহকুমা কৃষি বিষয়াসকল ক্ৰমে প্ৰাণেশ্বৰ নাথ, ৰঞ্জন প্ৰতীম ডেকা, বিষ্ণু শৰ্মা, মিজানুৰ ৰহমান চৌধুৰী প্ৰমুখ্যে ব্ৰহ্মপুত্ৰ কৃষক উৎপাদক সংস্থাটোৰ সদস্যসকল আৰু কৃষকসকল উপস্থিত থাকে ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/JqPE084
via IFTTT
Comments
Post a Comment