পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথ সংযোগী নাহৰণি, লুকুমাই পথ বিধ্বস্ত…

ডিজিটেল সংবাদ কাকডোঙাঃ পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ পৰা নাহৰণি, লুকুমাই সংযোগী আলিত সৃষ্টি হৈছে দ গাঁত। পথটোৰ কেইবাঠাইতো পকী প্ৰলেপ সৃষ্টি হোৱা এই দ গাঁত বোৰে বাৰুকৈয়ে জলা কলা খোৱাইছে পথাচাৰীক।

উল্লেখযোগ্য যে এই পথটোৰ দুৰৱস্থাৰ বিষয়ে লোক নিৰ্মাণ বিভাগক আবেদন, নিবেদন কৰা হৈছে যদিও কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে বিভাগটোৰ বিৰুদ্ধে সচেতন মহলত ক্ষোভৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে লোক নিৰ্মাণ বিভাগলৈ বাট নাচায় আজি নাহৰনি হাইস্কুলৰ প্ৰধান শিক্ষক আৰু নাহৰনি গাঁওৰক্ষী বাহিনীৰ সম্পাদক নেকিবুৰ ৰহমানৰ ব্যক্তিগত প্ৰচেষ্টাত ৰাইজৰ কিছু সকাহ হোৱাকৈ পথটোৰ গাঁত কেইটাত ইটা শিলৰ টুকুৰা পেলাই পথটো কিছু সুচল কৰি তোলে।

সদাব্যস্ত পথটোৰ মেৰামতি নকৰিলে ভয়ংকৰ বিপদ হ’ব পাৰে পথচাৰীৰ। স্থানীয় ৰাইজে অতি শীৰ্ঘে লোক নিৰ্মাণ বিভাগক পথটো মেৰামতি কৰি যাতায়তৰ বাবে সুচল কৰি তুলিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/SbzK7rP
via IFTTT

Comments