৯ জনলৈ বৃদ্ধি পালে মণিপুৰ ভূমিস্খলনত মৃত্য হোৱা অসমৰ লোকৰ সংখ্যাঃ এতিয়াও সন্ধানহীন ১২ জন…

ডিজিটেল ডেস্কঃ মণিপুৰ ন’নে জিলাত সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনত নিহত হোৱা অসমৰ লোকৰ সংখ্যা ৯জনলৈ বৃদ্ধি পাইছে। আনহাতে এতিয়াও অতি কমেও ১২ জন লোক সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে। অসম চৰকাৰে চুবুৰীয়া মণিপুৰৰ ন’নে জিলাত সংঘটিত হোৱা এই ভূমিস্খলনৰ স্থানত থকা অসমৰ ২৬ জন লোকৰ এখন তালিকা প্ৰস্তুত কৰিছে। এই আটাইকেইজন লোক ২৯ জুনৰ সেই কালিকালগা নিশা ঘটনাস্থলীত উপস্থিত আছিল।

সমগ্ৰ ঘটনাটোত এইতিয়ালৈকে মুঠ ৪২ জন লোকৰ মৃত্যু নিশ্চিত কৰা হৈছে। আনহাতে আৰু ২০ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। ঘটনাস্থলীৰ পৰা উদ্ধাৰকাৰীসকলে ১৮ জন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই শনিবাৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ন’নে জিলাৰ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানৰ বুজ লোৱাৰ লগতে ঘটনাস্থলী পৰ্যবক্ষেণ কৰে। তেওঁ আজি ৫ গৰাকী আহত লোকক এয়াৰ এছিয়াৰ বিমানেৰে অসমলৈ লৈ আনে।

সংবাদ মাধ্যমৰ আগত মন্ত্ৰী হাজৰিকাই আগবঢ়োৱা মন্তব্য অনুসৰি- ৰাজ্য চৰকাৰৰ হাতত অসমৰ ২৬ জন লোকৰ নামৰ এক তালিকা আছে। যিসকল লোকে সেই নিশা ঘটনাস্থলীত আছিল। এই ২৬ জন লোকৰ ভিতৰত এজন সেনা জোৱান আৰু এজন ৰে’লৰ অভিযন্তা আছিল। বাকী ২৪ জন আছিল নিৰ্মাণসংস্থাৰ শ্ৰমিক।

ইয়াৰ মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে- দেওবাৰে উদ্ধাৰ হোৱা এজন মৃত শ্ৰমিকৰ মৃতদেহ এতিয়াও ৰাজ্যলৈ কঢ়িয়াই অনা নাই। আনহাতে যিসকলৰ মৃতদেহ উদ্ধাৰ হৈছে তেওঁলোকৰ মৃতদেহ মৰিগাঁৱৰ জন্মস্থানলৈ প্ৰেৰণ কৰা হৈছে। তেওঁলোকৰ অন্তিম সংস্কাৰ কৰা হৈছে।

মন্ত্ৰী হাজৰিকাৰ মতে- তথ্য অনুসৰি, ৰাজ্যখনৰ ১২ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। দুৰ্ঘটনাস্থলীত বিভিন্ন সংস্থা অনুসন্ধান আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। ইফালে, মৰিগাঁৱৰ উপায়ুক্ত পি আৰ ঘৰফালিয়াই কয় যে- জিলাখনৰ ৬ জন লোকৰ মৃতদেহ লাহৰীঘাট খণ্ডৰ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/B2tEZ7H
via IFTTT

Comments