ম্যানমাৰ তামু চহৰত দুই ভাৰতীয় অটো চালকক গুলীয়াই হত্যা বিদ্ৰোহীৰ…

ডিজিটেল সংবাদ ৱাখাঃ মণিপুৰৰ ইণ্ডো – ম্যানমাৰ সীমান্তৰ ম’ৰে চহৰৰ প্ৰতিবাদত পুনৰ উত্তপ্ত হৈ পৰিছে । কিয়নো চুবুৰীয়া দেশ ম্যানমাৰ তামু চহৰত আজি নতুনকৈ গঠিত এটা বিদ্ৰোহী গোটে দুজন ভাৰতীয় লোকক গুলীয়াই নিহত কৰে ।

প্ৰাপ্ত খবৰ অনুসৰি পেছাত অটো চালক আৰু ব্যৱসায়ী দুইজনে মণিপুৰৰ মৰে চহৰৰ পৰা ম্যানমাৰ তামু চহৰলৈ বুলি সামগ্ৰী কঢ়িয়াই নিছিল । কিন্তু আজি দিনৰ প্ৰায় ১১ বজাত তামু চহৰৰ বৌদ্ধ মন্দিৰৰ ওচৰতে তামিলনাডুৰ এম আয়ানাৰ আৰু পি মোহনক ম্যানমাৰ বিদ্ৰোহীয়ে গুলিয়াই হত্যা কৰে।

উল্লেখযোগ্য যে, এই ঘটনাৰ পাছতে মণিপুৰৰ মৰে চহৰত উত্তেজনা বিয়পি পৰে। লগে লগে মণিপুৰৰ মৰে চহৰৰ ব্যৱসায়ী আৰু অটো মালিকসকলে এই ঘটনাৰ গৰিহণা দিয়াৰ লগতে চহৰখনৰ দোকান -বজাৰ বন্ধ কৰি হত্যাৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

জানিব পৰা মতে ম্যানমাৰ চৰকাৰে মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষা পাছত গতাই দিব বুলি অপেক্ষা কৰিছে ভাৰতীয় কৰ্তৃপক্ষ । ইফালে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ম্যানমাৰ দুজন ভাৰতীয় লোক নিহত হোৱা ঘটনা নিশ্চিত কৰিছে । অৱশ্যে ম্যানমাৰ নতুনকৈ গঠিত হোৱা বিদ্ৰোহী গোটে কিয় দুজন ভাৰতীয়ক এনেদৰে গুলীয়াই নিহত কৰিলে একো তথ্য প্ৰকাশ কৰা নাই ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/vdawou3
via IFTTT

Comments