২০২২বৰ্ষৰ ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড’ৰ খিতাপ কৰ্ণাটকৰ চিনি ছেট্টীলৈ…

ডিজিটেল ডেস্কঃ সৌন্দৰ্যৰ ক্ষেত্ৰখনলৈ পুনৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী ভাৰতৰ এগৰাকী ২১বছৰীয়া জীয়াৰীয়ে। ২০২২বৰ্ষৰ ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড’ৰ খিতাপ এইবাৰ আজুৰি আনিলে কৰ্ণাটকৰ ২১ বছৰীয়া জীয়ৰী চিনি ছেট্টীয়ে।
দেওবাৰে ঘোষিত হয় কৰ্ণাটকৰ ২০২২বৰ্ষৰ ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড’ৰ ফলাফল। এই ফলাফলত কৰ্ণাটকৰ ২১ বছৰীয়া জীয়ৰী চিনি ছেট্টীয়ে খিতাপ অৰ্জন কৰাৰ লগতে ৰাজস্থানৰ ৰুবাল শ্বেখাৱট আৰু দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰে উত্তৰ প্ৰদেশৰ শ্বিনাতা চৌহানে।
জিঅ’ কনভেন্সন চেণ্টাৰত আয়োজিত হৈছিল এই প্ৰতিযোগিতাৰ। প্ৰতিযোগিতাত জুৰী পেনেলত আছিল বলিউডৰ অভিনেত্ৰী নেহা ধুপিয়া, অভিনেতা ডিনো মৰিয়াকে ধৰি মালাইকা অৰোৰা, প্ৰাক্তন ক্ৰিকেটাৰ মিতালী ৰাজ, ডিজাইনাৰ ৰোহিত গান্ধী, ৰাহুল খান্না আৰু কৰিঅ’গ্ৰাফাৰ চিয়ামাক দাভাৰ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/i6hfsHZ
via IFTTT
Comments
Post a Comment