উদয়পুৰত সূৰ্যাস্ত

এক বিৰল যুগৰ সন্ধিক্ষণত আজি ভাৰতবাসীয়ে অৱস্থান কৰিছে। আপোনাৰ সন্মুখত আছে এফালে জ্ঞান-বিজ্ঞান-যুক্তি আৰু আনফালে আছে ধৰ্ম আৰু অদৃষ্টবাদ। কাৰ পক্ষ লৈ সন্মুখলৈ আগুৱাব আপুনি? উত্তৰ বৰ উজু নহয়। ধৰ্ম, ঈশ্বৰবিশ্বাস আৰু অদৃষ্টবাদে বহু যুগ ধৰি মানুহৰ জীৱন আৰু চেতনাক এনেদৰে ঘেৰি আছে যে তাৰ কঠিন জাল ফালি ওলাই অহাটো সাধাৰণজনৰতো বাদেই, কেতিয়াবা উচ্চ শিক্ষিতজনৰ বাবেও দুৰূহ হৈ পৰে।
বিজ্ঞান মানিলে ধৰ্ম হৈ পৰে অন্তঃসাৰশূন্য, ধৰ্মত বিশ্বাস ৰাখিলে বিজ্ঞান হৈ পৰে অপ্ৰাসংগিক। আজি বিজ্ঞানৰ বোকোচাত উঠিয়ে মানৱ সভ্যতা সন্মুখলৈ আগবাঢ়ি গৈছে, অথচ তাৰ পিচতো মানুহে কোলাৰ পৰা ধৰ্মক আঁতৰোৱা নাই। হয়তো কাহানিও আঁতৰাব নোৱাৰিব।
কিয়নো ধৰ্ম কেৱল লোকান্তৰৰে বিষয় নহয়, ধৰ্ম হৈছে ক্ষমতাৰো অবিচ্ছেদ্য অংশ। মানুহৰ ক্ষমতাৰ ৰাজনীতিয়ে ধৰ্মক কেতিয়াও নিঃশেষ হ’বলৈ নিদিয়ে। ক্ষমতাৰ স্বাৰ্থতে ধৰ্মক জীয়াই ৰখা হ’ব শাসিত জনগণৰ চেতনাৰ মাজত। সেয়ে আমি সততেই দেখো বিজ্ঞান-প্ৰযুক্তিৰ অন্তহীন সা-সুবিধাবোৰ ব্যক্তিগত জীৱনত আঁকোৱালি লৈও ৰাজনীতি আৰু ধৰ্মৰ কাণ্ডাৰীসকলে বিজ্ঞানৰ বিৰোধিতা কৰে কেৱল ক্ষমতাৰ স্বাৰ্থত।
পৃথিৱীখন সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে বুলি কোৱা বাবেই বিজ্ঞানী গেলিলিঅ’ক গিৰ্জাই অকথ্য শাস্তি বিহিছিল। ইটালীৰ শাসক আছিল গিৰ্জাৰ পক্ষত। বিজ্ঞানৰ বিৰাট সাফল্য সাব্যস্ত হোৱাৰ পিচতো গেলিলিঅ’ক মৃত্যুৰ তিনিশ বছৰ পাচলৈকে গিৰ্জাই নিজৰ ভুল স্বীকাৰ কৰি লোৱা নাছিল।
বান্দৰৰ পৰাই মানুহৰ উৎপত্তি হৈছিল বোলা ডাৰউইনৰ বিৱৰ্তনৰ সূত্ৰক নাকচ কৰিবলৈ সৌ সিদিনালৈ খ্ৰীষ্টান মৌলবাদীসকলে খোদ আমেৰিকাত জংগী যুঁজ এখন চলাই গৈছিল। মাৰ্কিন প্ৰশাসক আছিল মৌন। বিজ্ঞানীৰ কথা সঁচা বুলি মানি ল’লে ধৰ্মগ্ৰন্থবোৰৰ কথা অৰ্থহীন হৈ পৰে। প্ৰখ্যাত লেখক ছলমান ৰুশ্বডিৰ বিৰুদ্ধে যেতিয়া ইৰানৰ খোমেইনীয়ে মৃত্যুদণ্ড ঘোষণা কৰিছিল, ইৰানৰ শাসক আছিল ধৰ্মনেতাগৰাকীৰ সপক্ষত।
শান্ত-সমাহিতৰ প্ৰতীক যেন লগা বৌদ্ধ ভিক্ষুকেই যেতিয়া ম্যানমাৰ-শ্ৰীলংকাত চৰম বিদ্বেষেৰে সংখ্যালঘু ধৰ্মীয় সম্প্ৰদায়ৰ বিৰুদ্ধে দমন-নিপীড়ন চলোৱাৰ খবৰ শুনা যায়, তেতিয়া সেই কথাই প্ৰমাণ কৰে ধৰ্ম যি মূহূৰ্তত ক্ষমতাৰ হাতিয়াৰ হৈ উঠে, সেই মুহূৰ্তৰ পৰাই ধৰ্মই অহিংসাৰ কথা ক’বলৈ এৰি দিয়ে। তেতিয়া ধৰ্মই পোষকতা কৰে ঘৃণা আৰু হিংসাৰ।
হয়, আজি ভাৰতবাসী এক কঠিন যুগৰ সন্ধিক্ষণত ভৰি থৈছে। যি সনাতন ধৰ্ম আৰু হিন্দু ঐত্যিক বিদেশী মুছলনমানৰ হেজাৰ বছৰীয়া শাসনেও একো ক্ষয়-ক্ষতি কৰিব নোৱাৰিলে, আজি সেই সনাতন ধৰ্ম আৰু ঐতিহ্যক এমুঠি দেশীয় মুছলমানে ধ্বংস কৰি পেলাব বুলি দেশজুৰি ভয়-সন্দেহৰ এক বাকধাৰা তৈয়াৰ কৰাত সফল হৈছে ক্ষমতাৰ বাঘজৰী লোৱাসকল।
ধৰ্ম ৰক্ষা মানেই দেশ ৰক্ষা-জাতি ৰক্ষা বুলি ধাৰণা এটা হিন্দুৰ মনত সুমুৱাই দিয়া হৈছে আৰু এনেদৰেই দেশৰ নাগৰিকক ধৰ্মৰ ভিত্তিত পৰস্পৰৰ প্ৰতিদ্বন্দ্বী হিচাপে দুটা ভাগত ভাগ হ’বলৈ বাধ্য কৰোৱা হৈছে। আজি পৰিস্থিতি এনেকুৱা হৈ পৰিছে যে ক্ষুধা নিবৃত্তিৰ প্ৰয়োজনীয়তাতকৈও ধৰ্ম ৰক্ষাৰ প্ৰয়োজনীয়তাহে হৈ পৰিছে বহু ভাৰতীয়ৰ বাবে মুখ্য- সেয়া হিন্দুৰ বাবেই হওক অথবা মুছলমানৰ বাবেই হওক।
ধৰ্মৰ প্ৰসংগৰে বিভিন্ন প্ৰকাৰে প্ৰৰোচিত হ’বলৈ ধৰা এচাম মানুহে ধৰ্মৰ প্ৰসংগৰে বিভিন্ন প্ৰকাৰে প্ৰৰোচিত হ’বলৈ ধৰা এচাম মানুহে ধৰ্মৰ নামত উদ্যত হৈছে কটাকটি কৰি মৰিবলৈকো। সাম্প্ৰতিক দিনবোৰত যিদৰে ধৰ্মীয় হিংসা সংঘটিত হ’ব লাগিছে, শংকা হয় যেন দেশজুৰি এখন ব্যাপক সাম্প্ৰদায়িক সংৰ্ঘষৰ উকমুকনি চলিছে। চুবুৰিৰ কোনো ঘৰত জুই লাগিলে সেই জুয় ৰং চাওঁতাজনৰ ঘৰো পুৰিব পাৰে।
ভাৰততো তেনে এক অৱস্থাই আহি পৰিছে। ধৰ্মীয় বিদ্বেষৰ খেলখনত ক্ষমতালিপ্সুসকলে ইমানেই সফলতা লভিছে যে সফলতাৰ সেই আনন্দই লুপ্ত কৰি পেলাইছে তেওঁলোকৰ বোধজ্ঞান। বিজেপি নেত্ৰী নূপূৰ শৰ্মাৰ বক্তব্যও এই বোধজ্ঞান বিলুপ্তিৰে লক্ষণ। দেশৰ বিজেপি শাসকে নিজক যিমানে ধৰ্ম নিৰপেক্ষ বুলি পৰিচয় নিদিয়ক কিয়, বিশ্ববাসীয়ে এতিয়া সন্দেহ-বিৰক্তিৰ দৃষ্টিৰে চাবলৈ লৈছে।
বিশ্বই নূপূৰ শৰ্মাৰ বক্তব্যৰ প্ৰতিক্ৰিয়া দেখুওৱাটো মধ্যপ্ৰাচ্যৰ ইছলামিক লবীৰ ভাৰতবিৰোধী চক্ৰান্ত বুলি শাসকপক্ষই আমাক কৈছিল, কিন্তু দিল্লীৰ সাংবাদিক মহম্মদ জুবায়েৰক গ্ৰেপ্তাৰৰ ঘটনাত খোদ ৰাষ্ট্ৰসংঘই যেতিয়া প্ৰতিবাদ কৰিলে, তেতিয়াই বিশ্ববাসীৰ ওচৰত স্পষ্ট হ’ল ভাৰতীয় শাসকৰ ধৰ্মনিৰপেক্ষতাৰ স্বৰূপ। ধৰ্মক ক্ষমতাৰ হাতিয়াৰলৈ ৰূপান্তৰ কৰিব বিচৰা নেতাসকলৰ অচিৰেই যদি বোধোদয় নঘটে, তেন্তে দেশৰ বিপদ অনিবাৰ্য।
এই বিপদ আহিব দেশৰ ভিতৰৰ পৰাও, বাহিৰৰ পৰাও। দেশত গৃহযুদ্ধৰ সূচনা হোৱাৰ ভয় যিদৰে আছে, তেনেদৰে আফ্ৰিকা, এছিয়াৰ ইছলামিক দেশসমূহে সৰ্তক দৃষ্টি ৰাখিছে ভাৰতৰ প্ৰতি। মুছলিম নিৰ্যাতনৰ বিষয়বোৰ ধৰ্মীয় তথা মানৱ অধিকাৰ হৰণৰ বিষয় যেন ভাব হ’লেই, সেই দেশসমূহে ভাৰতৰ বিৰূদ্ধে কঠোৰ ব্যৱস্থা হ’ব পাৰে। তেনে দেশসমূহে প্ৰতিবন্ধকতা আৰোপ কৰিব লাগিলে চৰম বিপৰ্যয়ৰ সন্মুখীন হ’ব লাগিব ভাৰত।
লাখ লাখ ভাৰতীয়ই সংস্থাপন হেৰুৱাই দেশলৈ উভতি আহিব লাগিব। তেলৰ আমদানিতো বাধা আহিব পাৰে। ব্যৱসায়-বাণিজ্যবোৰ বাধাগ্ৰস্ত হ’লে ভাৰত কিধৰণে বিপৰ্যস্ত হ’ব, সেয়া কল্পনাও কৰা নাযায়। চুবুৰিত শত্ৰুৰ ঘৰত জুই লাগিলে আনন্দ কৰা যে নাযায়, সেয়া শাসকে উপলব্ধি কৰিবই লাগিব। ঘৃণাই কেৱল ঘৃণা মাতে, হিংসাই প্ৰতিহিংসা জগায়। ঘৃণা-হিংসাৰে মুনাফা এদিনৰ বাবেহে লুটিব পাৰি, চিৰকাল নহয়।
দেশত জ্বলা জুই যদি সৰ্বগ্ৰাসী হৈ পৰে, সেই জুইত এদিন শাসকো জাহ যাব লাগিব। সেয়ে উদয়পুৰত যি ঘটিল, সেয়া বিক্ষিপ্ত ঘটনা বুলি মানি লোৱাৰ কোনো উপায় নাই। এজনৰ ধৰ্মবিদ্বেষে বিপৰীতজনকো ধৰ্মবিদ্বেষী হ’বলৈ প্ৰৰোচিত কৰে। ঘৃণা-হিংসাৰ এই জুই প্ৰসাৰিত হোৱাৰ আগতে সকলোৱে বাধা দিয়া উচিত।
শাসকেও যদি মানুহৰ ধমান্ধতা, ধৰ্মীয় গোড়ামি দূৰ কৰিবলৈ চেষ্টা নকৰি ওলোটাই ধৰ্মৰ পক্ষ লয় আৰু ধৰ্মক ক্ষমতাৰো হাতিয়াৰ কৰিব খোজে, তেনেহ’লে আগত দিনত ভাৰতবৰ্ষৰ ছবিখন কি হ’ব, কল্পনা কৰিবলৈকো আমাৰ ভয় হৈছে। সেই অৰ্থতে উদয়পুৰৰ ঘটনা আমাৰ বাবে অশনি সংকেত।
উদয়পুৰত যেন ভাৰতীয় সামাজিক ঐতিহ্যৰ সূৰ্য অস্ত যাবলৈ খোজা ছবিখনহে আমি প্ৰত্যক্ষ কৰিবলৈ পাইছো। আমি যদি ইয়াৰ মৰ্ম বুজি সষ্টম হৈ নুঠো, তেনেহ’লে এয়া হ’ব এনে এক সূৰ্যাস্ত, যাৰ পাচত নমা ঘোৰ অমানিশাই আমাক এনেদৰে ঢাকি ধৰিব, তাৰ আন্ধাৰত শত্ৰু-মিত্ৰ কোন, কোনেও কাকো চিনিব নোৱৰা হ’ম।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/30JG6pZ
via IFTTT
Comments
Post a Comment