নিশা অন্তৰ্ধান শ্ৰমিক কিশোৰঃ বোকাখাতত শ্বাসৰুদ্ধকৰ পৰিৱেশ…

ডিজিটেল সংবাদ বোকাখাতঃ বোকাখাতৰ কুৰুৱাবাহী নগঞা গাঁৱত শুকুৰবাৰে নিশা প্ৰায় এঘণ্টা এক শ্বাসৰুদ্ধকৰ পৰিবেশ সৃষ্টি কৰি ৰাখিলে এজন কিশোৰে। এজোপা প্ৰায় ৬০-৭০ ফিট উচ্চতাৰ প্ৰকাণ্ড ভেলৌ গছত উঠি এঘণ্টা ননমাকৈ থকিল কিশোৰজন।

বোকাখাতৰ কুৰুৱাবাহী নগঞা গাঁৱৰ ১নং প্ৰাথমিক বিদ্যালয়ত বিগত এমাহ ধৰি নিৰ্মাণ কৰি থকা চৌহদৰ পকী বেৰাত এজন শ্ৰমিক হিছাপে কৰ্মৰত আছিল ধুবুৰি জিলাৰ মানকাছাৰৰ মুকলিছুৰ ৰহমান নামৰ উক্ত যুৱকজনে।স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে শুকুৰবাৰে আবেলি কৰ্মস্থলীৰ পৰা নিৰুদিষ্ট হৈ আছিল মুকলিছুৰ।

সেই মৰ্মে স্থানীয় লোক আৰু কিশোৰজনৰ লগৰ আন শ্ৰমিক সকলে বহু ঠাইত সন্ধান কৰাৰ অন্তত অৱশেষত উক্ত বিদ্যালয়খনৰ চৌহদৰে এজোপা ভেলৌ গছৰ পাতৰ আঁৰত নিশা নিজকে লুকুৱাই ৰখা অৱস্থাত প্ৰত্যক্ষ কৰে মুকলিছুৰক। লগে লগেএক হুৱাদুৱা পৰিবেশৰ সৃষ্টি হয় অঞ্চলটোত।

অৱশ্যে স্থানীয় ৰাইজৰ সহযোগত কিশোৰজনৰ লগত একে লগে কাম কৰা দুজন যুৱকে গছজোপাত উঠি নিশায়েই কিশোৰজনক গছজোপাৰ পৰা অক্ষত অৱস্থাত নমাই আনিবলৈ সক্ষম হয়। ইফালে আত্মহত্যাৰ উদেশ্যে কিশোৰজন গছজোপাত উঠিছিল বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছিল যদিও উদ্ধাৰৰ পাছত কিশোৰজনৰ আচৰণ লক্ষ কৰি কিশোৰজনক এজন মানসিক ৰোগী বুলিহে জানিবলৈ দিয়ে একাংশ স্থানীয় ৰাইজে।

লগতে কিশোৰজনৰ লগত কাম কৰা আন শ্ৰমিকসকলৰ মতে পুৰ্বেও এনে আচৰণ কৰিছিল কিশোৰজনে, অৱশ্যে তেওঁলোকৰ বিশ্বাস অপদেৱতাই বাহ লৈছে কিশোৰজনৰ শৰীৰত। ঘটনা সন্দৰ্ভত ইতিমধ্যে বোকাখাত আৰক্ষীক অৱগত কৰিছে স্থানীয় ৰাইজে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/VnmFwd0
via IFTTT

Comments