বিহাৰৰ পৰা আহি অসমত চিলনী চোৰৰ বৃত্তিত লিপ্তঃ কোকৰাঝাৰত নিশা গুলীবিদ্ধ…

- কোকৰাঝাৰত পুনৰ চলিল আৰক্ষীৰ গুলী।
- এইবাৰ কোকৰাঝাৰ আৰক্ষীয়ে গুলীয়ালে চিলনী চোৰক ।
- গুলীবিদ্ধ চিলনী চোৰটোৰ নাম বিনয় দাস ।
- বিহাৰৰ কাটিহাৰৰ কান্দা আৰক্ষী থানাৰ অন্তৰ্গত গেদাবাৰী গাঁৱৰ বাসিন্দা বিনয় দাস ।
- বিনয় দাসে এজন ঠিকাদাৰৰ পৰা ৬ লাখ লাখ টকা লুটি নিছিল।
- যোৱা ২২ জুনত কোকৰাঝাৰ এক্সিছ বেংকৰ সন্মুখৰ পৰা এজন ঠিকাদাৰৰ পৰা লুটি নিছিল ৬ লাখ টকা ।
- গুৱাহাটী আৰু বৰ্ণিহাটৰ পৰাও টকা লুট কৰিছিল চিলনী চোৰটোৱে ধন ।
- বৰ্ণিহাটত খেদি খেদি সাধাৰণ জনতাই কৰায়ত্ব কৰিছিল চিলনী চোৰটোক ।
- চোৰটোক প্ৰথমে মেঘালয় আৰক্ষীয়ে চমজাই দিছিল গুৱাহাটীৰ পানবজাৰ আৰক্ষীক।
- পানবজাৰ আৰক্ষী থানাৰ পৰা চিলনী চোৰ বিনয়ক কোকৰাঝাৰ আৰক্ষীয়ে লৈ আনিছিল।
- ইয়াৰ পিছতে বালাজান তিনালী – কাৰিগাঁও পথত আৰক্ষীয়ে গুলীয়াই চিলনী চোৰটোক ।
- লুটি নিয়া টকাৰ খালী বেগটো উদ্ধাৰ বালাজান তিনালী পথত ।
- বেগ উদ্ধাৰ কৰি উভতি অহাৰ সময়তে আৰক্ষী পৰিদৰ্শক আমিৰুল হুছেইনৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা বিনয় দাসৰ ।
- ফলত আৰক্ষীয়ে বাধ্য হৈ গুলীচালনা কৰে।
- ভৰিত গুলী লাগে চিলনী চোৰ বিনয় দাসৰ।
- কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত ভৰ্তি চিলনী চোৰটোক ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Ls8WgpT
via IFTTT
Comments
Post a Comment