বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত বিক্ষোভ ধেমাজি জিলা ছাত্র সন্থাৰ…

ডিজিটেল সংবাদ ধেমাজিঃ সদৌ অসম ছাত্র সন্থাৰ আহ্বান মৰ্মে বৃহস্পতিবাৰে দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ২ বজাৰলৈকে দুঘন্টাত কৈ অধিক সময় ধৰি ধেমাজি জিলা ছাত্র সন্থাই অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি স্থায়ী সমাধান কৰা, বানত ক্ষতিগ্ৰস্ত ৰাইজক পৰ্যাপ্ত সাহাৰ্য, উচিৎ ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবীত ধেমাজি নগৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে ধেমাজি আবৰ্ত্ত ভৱনৰ সন্মুখত জিলা ছাত্ৰ সন্হাৰ প্ৰায় দুই শতাধিক কৰ্মীয়ে হাতে হাতে বেনাৰ পোষ্টাৰ প্লে’কাৰ্ড লৈ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ।
কাৰ্যসূচীৰ অন্তত স্হলিতে এখনি প্ৰতিবাদীও সভাও অনুষ্ঠিত হয় ৷ প্ৰতিবাদী সভাত ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দিপক শৰ্মা আৰু সাধাৰণ সম্পাদক কল্যাণ গগৈয়ে কয় যে প্ৰতিবছৰে সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ লগতে ধেমাজি জিলাতো বান-গৰাখহনীয়া সমস্যাই ব্যাপক ক্ষয়-ক্ষতি কৰি অহা পিছতো আজি পৰ্য্যন্ত কিন্তু কোনো এখন চৰকাৰে এই বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰিব নোৱাৰিলে ।
বক্তব্যত সভাপতি আৰু সম্পাদকে এইবছৰো জিলাখনৰ জীয়াঢল, কুমটীয়া, গাইনদী, চিমেন, চিয়াং, লালী, ৰাইনৈ, ন-নদী, মিছামাৰী, নিলখ, ডিমৌ আদি নৈৰ বাঢ়নী পানীয়ে শতাধিক গাওঁ প্লাবিত কৰা লগতে হাজাৰোধিক পৰিয়াল গৃহহাৰা হোৱা উপৰিও সা-সম্পত্তি, পশুধন বাঢ়নী পানীয়ে উটোৱাই নিছে ৷ ঠাইয়ে ঠাইয়ে ভিতৰুৱা গাওঁ সমূহৰ ৰাস্তা-ঘাট ভাঙি তচনচ কৰিছে ।
ইফালে জোনাইতো চিয়াং নৈৰ বাঢ়নী পানীয়ে পবা বনাঞ্চলক সংকুচিত কৰি আনি থকাৰ লগতে কবু চাপৰি, সন্তপুৰ, কেচাকাঠনি, লালুলিজান, চমকং আদি অঞ্চল নদীৰ বুকুত যাহ যোৱাৰ উপক্ৰম হৈছে বুলি উল্লেখ কৰে ৷ এই সমস্যা সমূহ প্ৰতিবছৰে বাৰিষাত দেখা দিয়া পিছতো আজিলৈকে বিজ্ঞানসন্মত পদ্ধতিৰে এই সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা চলোৱা নাই চৰকাৰে ৷
আছুৰ বিষয়- ববীয়া দ্বয়ে অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰৰ অসমৰ সমস্যা সমূহৰ সমাধানৰ প্ৰতি কোনো গুৰুত্ব নাই কেৱল অসমৰ সম্পদৰ ওপৰতে চকু কেন্দ্ৰীয় চৰকাৰ ৷ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্রী অমৃত স্বাহক উল্লেখ কৰি কয় কেৱল নিৰ্বাচনৰ সময়ত বৰ বৰ কথা কৈ প্ৰতিশ্ৰুতি দিলেই নহব বুলি সকিয়াই দি অসমৰ বান-খহনীয়া সমস্যাক অতিশ্ৰীঘ্ৰে ৰাষ্টীয় সমস্যা হিচাপে ঘোষণা কৰি বিশেষ পুজি মোকলাই বান সমস্যাৰ স্থায়ী সমাধান কৰিবই লাগিব বুলি দাবী জনাই বিক্ষোভৰ জৰিয়তে ধেমাজি জিলা ছাত্র সন্থাই অসম চৰকাৰকো বানপানীত ক্ষতিগ্ৰস্ত ৰাইজক পৰ্যাপ্ত সাহাৰ্য প্ৰদান কৰাৰ লগতে ঘৰ-বাৰী হেৰুৱা ব্যক্তিসকলক উচিৎ ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ।
বিক্ষোভ কাৰ্যসূচীত সদৌ অসম ছাত্র সন্থাৰ সাংগঠনিক সম্পাদক মন্টুৰাজ বৰুৱা, কাৰ্যনিৰ্বাহক সদস্য ৰাজীৱ গগৈ, ধেমাজি মহকুমা ছাত্র সন্থাৰ সভাপতি অৰবিন্দ গগৈ, জোনাই মহকুমা ছাত্র সন্থাৰ সভাপতি ৰঞ্জিত বসুমতাৰীয়ে উপস্থিত থাকে ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/cHzp8vD
via IFTTT
Comments
Post a Comment