মুখ্যমন্ত্ৰী খিলঞ্জীয়া হয় নে নহয় তাক স্পষ্ট কৰকঃ সাংসদ আব্দুল খালেক…

ডিজিটেল সংবাদ, কলগাছিয়াঃ খিলঞ্জীয়াৰ সংজ্ঞাক লৈ প্ৰতিক্ৰিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বৰপেটাৰ সাংসদ আব্দুল খালেকে । তেওঁ কয়, মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা নিজে খিলঞ্জীয়া হয় নে নহয় তাক আগতে স্পষ্ট কৰক, কনৌজৰ পৰা অহা সকল যদি খিলঞ্জীয়া হয়, তেন্তে তদানীন্তন ভাৰতবৰ্ষৰ মৈমনসিঙৰ পৰা অহা সকল কিয় খিলঞ্জীয়া নহব বুলি প্ৰশ্ন কৰি ইয়াৰ সমাধান হব লাগিব বুলিও দাবী কৰে ।

আজি এইদৰে মন্তব্য কৰে সাংসদ আব্দুল খালেকে। সাংসদ খালেকে ছৈয়দ বুলি কোনো জনগোষ্টি আছে বুলি মই নাজানো বুলি কৈ খিলঞ্জীয়াৰ স্বীকৃতি দিয়া সকলৰ কি লাভ হব সেই কথাও স্পষ্ট কৰিবলৈ চৰকাৰক আহ্বান জনায়।

ইফালে, সাংসদ মৌলানা বদৰ উদ্দিন আজমল সম্পৰ্কে প্ৰতিক্ৰিয়া দিবলৈ বিশেষ প্ৰয়োজন নাই বুলি উল্লেখ কৰি আজমলে মন্দিৰ দৰ্শন কৰি ধৰ্মনিৰপেক্ষ হবলৈ যত্ন কৰি আছে বুলি কটাক্ষ কৰে । আজি কলগাছিয়াৰ কৰাৰকুৰ বেকী নদীৰ পাৰত গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে সাংসদ আব্দুল খালেকে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/yEA0Qc3
via IFTTT

Comments