ধেমাজি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰতিস্থাপক অধ্যক্ষা লাৱন্য বৰগোহাঁই আৰু নাই…

ডিজিটেল সংবাদ ,ধেমাজিঃ ধেমাজি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰতিস্হাপক অৱসৰ প্ৰাপ্ত অধ্যক্ষা লাৱন্য বৰগোহাঁইয়ে(৮২) বয়সত দেওবাৰে বিয়লি ৪ বাজি ৩৫ মিনিটত নিজ বাস গৃহত মৃত্যু হ’য় ৷ ধেমাজি স্ত্ৰী শিক্ষাৰ প্ৰসাৰত অনবদ্য ভূমিকা গ্ৰহন কৰা লাৱন্য বৰগোহাঁইৰ মৃত্যুয়ে ধেমাজিৰ সামাজিক জগতৰ বাবে এক বৃহত ক্ষতি হৈছে ৷
১৯৪৪ চনৰ ১ এপ্ৰিলত ডিগবৈত জন্ম গ্ৰহন কৰা লাৱণ্য বৰগোহাঁইয়ে শিক্ষা বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ১৯৬৮ চনৰ ২৯ জানুৱাৰীত ধেমাজি গোহাঁই গাওঁত ধেমাজি উচ্চ মাধ্যমিক বালিকা বিদ্যালয় খনি
প্ৰতিস্হাপক প্ৰধান শিক্ষয়িত্ৰী হিচাপে থাকি পৰবৰ্তী সময়ত ১৯৯২ চনত উচ্চতৰ মাধ্যমিক হোৱা পিছৰে পৰা তেওঁ অধ্যক্ষা হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল ৷
২০০২ চনৰ ২ মাৰ্চত চাকৰি পৰা অৱসৰ গ্ৰহন কৰা গোহাঁইয়ে লেখিকা সমাৰোহ আৰু সাহিত্য সভাৰ উপৰিও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু সামাজিক কামকাজৰ সৈতে ওতঃতপ্ৰোতভাবে ভাৱে জড়িত আছিল । শিক্ষাবিদ লাৱণ্য বৰগোহাঁই মৃত্যুত ধেমাজি জিলা ছাত্ৰ সন্হাৰ সভাপতি দিপক শৰ্মা ,সম্পাদক কল্যান গগৈ , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতি , ধেমাজি জিলা হাই স্কুল শিক্ষক সন্হা , ধেমাজি জিলা কৰ্মচাৰী পৰিষদ , অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়া , জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়া সম্পাদক , ত্ৰৈলোক্য তামুলী , ধেমাজি প্ৰেছ ক্লাৱ ধেমাজি জিলা সাংবাদিক সস্হা , ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক দ্বয় অৰুণ কুমাৰ দিহিঙীয়া আৰু তিলেন গগৈ , ধেমাজি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষা দ্বয় বিনীতা গাৰোডিয়া চৌধুৰী , লাৱন্য চুতীয়া , বিদ্যালয়খনৰ কৰ্মৰত শিক্ষক- শিক্ষয়িত্ৰী ছাত্ৰীকে ধৰি ধেমাজি বিভিন্ন দল সংগঠন , অনুষ্ঠান আৰু প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ আত্মাৰ সদগতি কামনা কৰা লগতে তেখেতৰ পৰিয়াল বৰ্গলৈ সমাবেদনা জনাইছে ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/XbRHFLh
via IFTTT
Comments
Post a Comment