প্ৰশাসনৰ নিষেধাজ্ঞাৰ পাচতো ৰহাত বান সাহাৰ্যৰ নামত অব্যাহত ধন সংগ্ৰহ…

ডিজিটেল সংবাদ, ৰহাঃ প্ৰশাসনৰ নিষেধাজ্ঞাৰ পাচতো ৰহাত বান সাহাৰ্যৰ নামত অব্যাহত ধন সংগ্ৰহ । ৰহাৰ দিঘলীআতিৰ দুৱৰিতলিত বানাক্ৰান্ত ৰাইজৰ পৰা আজিও বান সাহায্য নামত ১০ টকাকৈ ধন সংগ্ৰহ কৰি আছে একাংশই।

ৱাৰ্ড সদস্য জনতা কোঁৱৰ, দুৱৰিতলি গাঁৱৰ গাওঁৰক্ষী বাহিনীৰ লক্ষী কান্ত ডেকাৰজা আৰু প্ৰফুল্ল সেনাপতি নামৰ এই তিনিজন ব্যক্তিৰ বিৰুদ্ধে উঠিছে অভিযোগ। সাহায্যৰ বাবদ ১০টকা সংগ্ৰহক লৈ স্থানীয় ৰাইজে প্ৰশ্ন কৰাত স্থানীয় ৰাইজৰ ওপৰত ক্ষুব্ধ হৈ পৰে তিনিওজন মধ্যভোগী ।

উপায়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াৰ নিষেধাজ্ঞাৰ পিছতো গা নলৰিল একাংশ মধ্যভোগীৰ কিন্তু এইসকলৰ বিৰুদ্ধে ৰহাৰ স্থানীয় প্ৰসাশনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া সময়ত লক্ষ্যনীয় হ’ব।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/K5ICMqa
via IFTTT

Comments