সোৱণশিৰী ৰাজহ চক্ৰ বিষয়াৰ জামিন বিহীন ধাৰাৰ  গোচৰ, আটক দুই অৰ্থলোভী

ডিজিটেল সংবাদ ,ঢকুৱাখনা : ঘিলামৰাৰ বানাক্ৰান্ত আৰু বন্যাবিপন্ন পশুধনৰ খাদ্য যোগানৰ বেলিকা নিৰ্লজ কমিচন সংগ্ৰহৰ বেহা মেলা দুই অৰ্থলোভীৰ বিৰুদ্ধে পঞ্জীভূত হৈছে গোচৰ। সোৱণশিৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লম্বিত হাজৰিকাই ঘিলামৰা থানাত ৰুজু কৰা এক এজাহাৰৰ ভিত্তিত পঞ্জীভূত হৈছে এই গোচৰ।

ভাৰতীয় দণ্ডবিধি আইনৰ ৪০৬/৪২০/৩৮৪/৩৪ ধাৰাত পঞ্জীভূত গোচৰ (নং -৫৩/২০২২) ৰ দুই আচামী চিনাই গোঁহাই গাঁওৰ ক্ৰমে  দীপক গগৈ আৰু ডিম্বেশ্বৰ গগৈক বুধবাৰে ঘিলামৰা আৰক্ষীয়ে বুধবাৰে সোধা পোছাৰ বাবে আটক কৰি দিনটো থানাত ৰাখে । পৰৱৰ্তী সময়ত ব্যক্তিগত জামিনত ঘৰলৈ যাবলৈ দি পুনৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশনা দিয়ে । 

উল্লেখ্য যে ঘিলামৰা পশু পালন আৰু চিকিৎসা বিভাগে  বান সাহায্যৰ শিতানত পশু খাদ্য প্ৰশাসনৰ পৰা সংগ্ৰহ কৰি চিনাই গোঁহাই গাঁওত বিতৰণ কৰাৰ বাবে  প্ৰেৰণ কৰিছিল। কিন্তু নিজকে গেৰুৱা দলৰ নেতা বুলি জাহিৰ কৰি এইজন দীপক গগৈয়ে সহযোগী  ডিম্বেশ্বৰ গগৈৰ সতে জনস্বাস্থ্য কাৰিকৰী  বিভাগৰ আঁচনিৰ সমীপত চকী টেবুল পাৰি নামি পৰে পশু খাদ্য বিতৰণ পৰ্বত । 

অতি লজ্জাজনক ভাবে এই বান সাহায্য প্ৰদান আৰু বিতৰণৰ নামত এই দুজন অৰ্থলোভীয়ে প্ৰতি পশু পালকৰ পৰা ১০ টকাকৈ দাবী কৰে ।  ৰাজহ চক্ৰৰ কাৰ্য্যালয়ত খালী বেগ জমা দিয়া , এ পি আৰ বনোৱাৰ  নামত ব্যয় হোৱা ধনৰ বাবে এই ধন সংগ্ৰহ কৰা বুলি মুকলি ভাবে জানিবলৈ দি পালক সকলৰ পৰা সংগ্ৰহ কৰিছিল ধন । দাবীকৃত ধন আদায় নিদিলে  সাহায্য নিদিয়াৰো হুমকি দিয়া  অৰ্থলোভী চক্ৰৰ দাবী কৰা বাবেই অনিচ্ছা স্বত্তেও এই ধন আদায় দিবলৈ বাধ্য হৈছিল  সাহায্য গ্ৰহণৰ সময়ত।

এই নিকৃষ্ট দুষ্কাৰ্য সন্দৰ্ভত খবৰ পাই “অসমীয়া প্ৰতিদিন ডিজিটেল”ৰ সাংবাদিক উপস্থিত হৈ সমগ্ৰ ঘটনা ৰেকৰ্ডিং কৰাৰ পৰৱৰ্তী সময়ত বাতৰি পৰিবেশন কৰা হয়।  সাংবাদিকৰ উপস্থিতিৰ সম্ভেদ পাই  অসৎ প্ৰকৃতিৰ ব্যক্তি দুজনে  বিতৰণ পৰ্ব আধাতে এৰি নিশালৈ সংগৃহীত ধন ঘূৰাই দিয়াত ব্ৰতী হয়। পশু পালন বিভাগৰো কৃপা দৃষ্টি থকা এই নীচ কাৰ্যৰ সঠিক আৰু নিৰপেক্ষ তদন্ত হ’লে  বহুকেইজন কৰ্তব্যত গাফিলতি কৰা চৰকাৰী বেতনভোগীৰ  ৰঙা ঘৰ গমনৰ পথ  প্রশস্ত যে হ’ব সেয়া ধুৰূপ ।

ইপিনে এই নিৰ্লজ ধন সংগ্ৰহ কাৰ্যক গাপ দি  প্ৰকৃত অভিযুক্তক বচাবলৈ আৰু নিৰীহক ফচাবলৈ অন্য এক নিকৃষ্ট ফন্দী পাতিছে এক অশুভ শক্তিশালী চক্ৰই । এই সন্দৰ্ভত পৰৱৰ্তী বাতৰিত উন্মোচিত হ’ব এই দুৰ্নীতি গ্ৰস্ত চক্ৰটোৰ অন্য এক জঘন্য কাৰচাজি ।

আৰু পঢ়ক: ৰাইজৰ বিপদৰ সময়ত বেপাৰত ব্যস্ত থকা নৱ দলেৰ বিৰুদ্ধে ক্ষোভিত জনতা…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/qhixg2m
via IFTTT

Comments