বকোৰ মহিলা সন্ধানহীনঃ সন্ধান পালে পৰিয়ালক অৱগত কৰাৰ আহ্বান…

ডিজিটেল সংবাদ বকো: কামৰূপ জিলাৰ বকোত মহিলা এগৰাকী সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণ মতে বকো থানাৰ অন্তৰ্গত ২নং মাকেলীগাঁৱৰ কবিতা কলিতা (৩৬) নামৰ মহিলাগৰাকীয়ে যোৱা ৩০ জুন তাৰিখে ঘৰৰ কাষৰে ভালুকঘাটা চ’কৰ দোকানলৈ ওলাই গৈছিল।

কিন্ত সেই দিনাৰ পৰা আজিলৈকে পৰিয়ালে মহিলাগৰাকীৰ সন্ধান লাভ কৰা নাই । অৱশেষত আজি মহিলাগৰাকীৰ মাতৃ মালতী কলিতাই জীয়েক সন্ধানহীন হোৱাৰ বিষয়ে বকো থানাত লিখিত ভাবে জনায় । লগতে ৬২৩৮৬-৪৮১৬৫, ৮৯২১১-২৭২১৬ আৰু ৭৫১০৮-৭৩৩১৮ মোবাইল নম্বৰ তিনিটাৰে কোনো অচিনাক্ত লোকে প্ৰায়ে কথা পাতিছিল বুলি অভিযোগ কৰিছে ।

উল্লেখযোগ্য যে সন্ধানহীন হোৱা কবিতা কলিতাৰ লগত ৮৪৭২৮-২২৩৮১ মোবাইল নম্বৰটো আছে যদি সেইটো সম্প্ৰতি সংযোগ সীমাৰ বাহিৰত থকা দেখুৱায়। কোনো সদাশয় লোকে মহিলাগৰাকীৰ সন্ধান লাভ কৰিলে ওচৰৰ আৰক্ষী থানা নাইবা ৭৮৯৬০-০৮৩১২ মোবাইল নম্বৰত পৰিয়ালৰ লোকে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/ZvqEBe6
via IFTTT

Comments