সক্ৰিয় সমাজকৰ্মী দ্বিগেন্দ্ৰ নাথ হাজৰিকাৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি…

ডিজিটেল সংবাদ , ঢকুৱাখনা : কোনো কাণ্ডজ্ঞানহীন পশু পালকৰ ভদঙীয়া গৰুৰ প্ৰচণ্ড খুন্দাত জীৱন মৃত্যুৰে যুঁজিছে ঢকুৱাখনাৰ এগৰাকী সক্ৰিয় সমাজকৰ্মী বালিগাঁওৰ দ্বিগেন্দ্ৰ নাথ হাজৰিকাই। পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কৃতিত্বৰে অৱসৰ গ্ৰহণ কৰি অসম বিজ্ঞান সমিতি , গণিত অলিম্পিয়াড , মেগামিক্স প্ৰকৃতি সংঘ , জ্যেষ্ঠ নাগৰিক সন্মিলন , আম মেলাকে আদি কৰি গৰিষ্ঠ সংখ্যক জনহিতৈষী সংস্থা ,সংগঠনৰ সতে জড়িত হৈ পৰা বৰ্ষীয়ান বিশিষ্ট নাগৰিক হাজৰিকা যোৱা ১জুলাইৰ বিয়লি এক পথ দুৰ্ঘটনাত পতিত হৈছিল ।
এটা ভদঙীয়া গৰুৰ প্ৰচণ্ড খুন্দাত নিজৰ স্কুতিৰ পৰা ঢকুৱাখনা- খজুৱা গড়কাপ্তানী পথৰ আমোলাপট্টি অংশত পৰি মূৰ আৰু মুখ মণ্ডলৰ গুৰুতৰ ভাবে আহত হৈছিল হাজৰিকা । পৰৱৰ্তী সময়ত তেঁওক ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা সেৱা আগবঢ়াই পৰিয়ালে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ডিব্ৰুগড়লৈ নিছিল উন্নত চিকিৎসাৰ বাবে । ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ ডায়েগ্ন’ষ্টিক হস্পিটেলত বিগত দুটা দিন চিকিৎসা আৰু বিভিন্ন স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত শনিবাৰে হাজৰিকাৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে।
চিকিৎসকৰ পৰামৰ্শ অনুসৰি হাজৰিকাক শনিবাৰে বিয়লি প্ৰায় ২ বজাত আই চি ইউত ভৰ্তি কৰাই জৰুৰী চিকিৎসা প্ৰদান কৰি অহা হৈছে। পৰিয়ালৰ সূত্ৰই জনোৱা মতে মূৰত আভ্যন্তৰীণ আঘাত গুৰুতৰ হোৱাৰ বাবে হাজৰিকাৰ কথাবার্তা বন্ধ হোৱাৰ উপৰিও খোৱা বোৱা নিয়মীয়া হোৱা নাই । চিকিৎসকৰ নিৰন্তৰ চিকিৎসা অব্যাহত থকা বুলি “অসমীয়া প্ৰতিদিন ডিজিটেল”ক আত্মীয়ই শনিবাৰে নিশা ৯-৫৫ বজাত দুখেৰে জানিবলৈ দিলে । ঢকুৱাখনাৰ শৈক্ষিক ,সামাজিক , পাৰিপাৰ্শ্বিক সকলো ক্ষেত্ৰৰে এগৰাকী অগ্ৰণী যোদ্ধা হিচাবে সৰ্ব পৰিচিত সদা হাস্যমুখী হাজৰিকাৰ সু স্বাস্থ্য আৰু আশু আৰোগ্য কামনা কৰিছে বিভিন্ন ব্যক্তি আৰু সামাজিক সংগঠনে।
ঢকুৱাখনাবাসীৰ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা ঢকুৱাখনাৰ সৰ্বাংগীন উত্তৰণৰ হকে নিঃস্বাৰ্থ ভাবে জড়িত হাজৰিকাৰ দ্ৰুত আৰোগ্য হওক। লগতে ঢকুৱাখনা মহকুমা প্ৰশাসন আৰু পৌৰ সভাৰ কাণ্ডজ্ঞানহীন স্বভাবৰো অৱসান ঘটক। নগৰৰ ৰাজপথত আশ্ৰিত গৰাকীবিহীন ভদঙীয়া গৰু নিয়ন্ত্ৰণৰ হেতু প্ৰৱৰ্তিত “পাউণ্ড” ব্যৱস্থাৰ নামত দুদিনীয়া উলংগ আৰু নিকৃষ্ট নাটক বন্ধ কৰক এনেবোৰ ধুৰন্ধৰ পক্ষই । অন্যথাই এনে দেধাৰ উৎকৃষ্ট মানৱ সম্পদক জীয়া যন্ত্ৰণাৰ অটল গহ্বৰলৈ নিক্ষেপ কৰাৰ ৰাজহুৱা গ্লানি, ককৰ্থনাৰ সন্মুখীন হবলৈ অকমন্য ৰাজীৱ দাস নেতৃত্বাধীন ঢকুৱাখনা পৌৰ সভা আৰু মহকুমা প্ৰশাসনে ক্ষণ গণক।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/N4DgLdF
via IFTTT
Comments
Post a Comment