নগাঁৱত জাপানীজ এনকেফেলাইটিছত ১০জন , ডায়েৰিয়াত ৪৫জন আক্ৰান্ত…

ডিজিটেল সংবাদ, নগাঁও: নগাঁও জিলাত শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱে ভয়াবহ ৰূপ ধাৰণ কৰিছে।বৃহস্পতিবাৰ পৰ্যন্ত জিলা খনত এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা ১০ জনলৈ বৃদ্ধি পাইছে। বৰ্তমানলৈকে জিলা খনৰ ভিন্ন ঠাইত ১০ জনকৈ লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত দুগৰাকী আক্ৰান্তৰ মৃত্যু হৈছে।
বুধবাৰতৈকে জিলা খনত ৭ জন লোক এই ৰোগত আক্ৰান্ত হোৱাৰ পিছত নতুনকৈ আন তিনিজন লোক আক্ৰান্ত হৈছে।নতুনকৈ আক্ৰান্ত হোৱা সকল হ’ল নগাঁও চহৰৰ লাওখোৱা পথৰ নীলাক্ষী ফুকন (৫১),ফুলগুৰিৰ মণিমা দাস।(৬৭) আৰু দীঘলদৰিৰ চন্দ্ৰ কান্ত নাথ (৬২ )।ইয়াৰে নীলাক্ষী ফুকন গুৱাহাটীৰ জি এন আৰ চিত,মণিমা দাস নেমকেয়াৰত আৰু চন্দ্ৰকান্ত নাথ জি এম চি এইচত চিকিৎসাধীন হৈ আছে।
ইফালে জিলাখনৰ বিভিন্ন স্হানত ডায়েৰিয়াৰ প্ৰকোপ বৃদ্ধি পাইছে ৷ প্ৰায় ৪৫ জন লোক ডায়েৰিয়াত আক্ৰান্ত হৈছে ৷ ইতিমধ্যে ৩ জন ডায়েৰিয়া আক্ৰান্তৰ মৃত্যু হৈছে ৷ জানিব পৰা মতে বানৰ মাজত আবদ্ধ হৈ পৰা এই তিনিজন লোকে চিকিৎসকৰ কাষ চাপিবলৈ সক্ষম নোহোৱাত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ অৱশ্যে আন ৪৫ জন ডায়েৰিয়া আক্ৰান্ত ক্ৰমে সুস্হ হৈ উঠিছে ৷
জিলাখনত জাপানীজ এনকেফেলাইটিছ আৰু ডায়েৰিয়া প্ৰতিৰোধৰ বাবে নগাঁও স্বাস্হ্য বিভাগে তৎপৰতা অৱলম্বন কৰিছে ৷ যুটীয়া স্বাস্হ্য সঞ্চালক ডা° অৰূপ জ্যোতি মহন্তই জনোৱা মতে বান বিধস্ত এলেকাত চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলে কাম কৰি আছে ৷ লগতে জনস্বাস্হ্য কাৰিকৰী বিভাগ , নগাঁও জিলা প্ৰশাসন , নগাঁও মেলেৰিয়া বিভাগে সজাগতা আৰু ৰোগ প্ৰতিৰোধৰ বাবে কাম কৰি আছে ৷ ইফালে নগাঁও জিলালৈ ৰাজ্যৰ স্বাস্হ্য বিভাগে গুৱাহাটী মেডিকেল কলেজৰ পৰা এটি চিকিৎসকৰ দল প্ৰেৰন কৰিছে ৷ দলটোয়ে বৃহস্পতি বাৰে ৰহাৰ কাকতী গাঁৱত এক শিবিৰ অনুষ্ঠিত কৰে ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/SqXrRvu
via IFTTT
Comments
Post a Comment