ইলন মাস্ক, মাৰ্ক জুকাৰবাৰ্গকে ধৰি বিশ্বৰ শীৰ্ষ ৫০০ ধনী ব্যক্তিৰ হোৰাহোৰে কমিছে সম্পত্তি…

ডিজিটেল ডেস্কঃ সম্পত্তি হ্ৰাস হৈছে ইলন মাস্কৰ। কোৰোনা মহামাৰাৰীৰ প্ৰভাৱ বিশ্বৰ প্ৰতিটো প্ৰান্ততে প্ৰতিজন ব্যক্তিৰ ওপৰতেই পৰিছে। ব্যতিক্ৰম নহয় ইলন মাস্ক। বিশ্বৰ আটাইতকৈ ধনী লোক হিচাপে পৰিচিত ইলন মাস্কে হেৰুৱালে প্ৰায় ৬২ বিলিয়ন ডলাৰ। একেদৰে জেফ বেজোছৰ সম্পত্তিও প্ৰায় ৬৩ বিলিয়ন ডলাৰ হ্ৰাস পাইছে।

ইফালে ফেচবুক তথা মেটাৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গৰ সম্পত্তিও হোৰাহোৰে হ্ৰাস পাইছে। জুকাৰবাৰ্গৰ সম্পত্তি বিগত দিন কেইটাতত আধাতাকৈও বেছি হ্ৰাস পাইছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল বিশ্বৰ শীৰ্ষ ৫০০ গৰাকী ধনী লোকৰ সম্পত্তি হ্ৰাস পোৱা বিষয়টো। ২০২২ চনৰ জানুৱাৰীৰ পৰা জুনৰ সময়ছোৱাত ৫০০ জন ধনী ব্যক্তিয়ে ১.৪ ট্ৰিলিয়ন ডলাৰ হেৰুৱালে। বিশ্বত এনে ঘটনা এয়াই প্ৰথম। য’ত শীৰ্ষ ৫০০ গৰাকী ধনী ব্যক্তিৰ সম্পত্তি একেলগে হ্ৰাস পাইছে।

পোষ্ট কোভিডৰ সময়ত সম্পত্তিৰ পৰিমাণ হ্ৰাস হোৱা ঘটনা অধিক হৈছে। উল্লেখ্য যে কোভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় বেংকবোৰে অভূতপূৰ্ব উদ্দীপনা মূলক পদক্ষেপ আৰম্ভ কৰিছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত প্ৰযুক্তি কোম্পানীৰ পৰা ক্ৰিপ্টোকাৰেন্সীলৈকে সকলো সামগ্ৰীৰ মূল্য হ্ৰাস পাইছে।

কিছু সংখ্যক উচ্চ মূল্যৰ ষ্টক আৰু সেই ষ্টকৰ গৰাকীসকলে বৰ্ধিত মুদ্ৰাস্ফীতিৰ মোকাবিলা কৰিবলৈ নীতি নিৰ্মাতাসকলৰ দ্বাৰা সূতৰ হাৰ অধিক হোৱাৰ বাবে ষ্টক অধিকাৰী বিলিয়নেয়াৰসকল বৃহৎ লোকচানৰ সন্মুখীন হৈছে। টেছলা, আমাজনৰ যোৱা তিনি মাহত সৰ্বাধিক লোকচানৰ সন্মুখীন হৈছে।

অৱশ্যে সৰ্বাধিক লোকচানৰ সন্মুখীন হ’লেও টেছলাৰ মূৰব্বী ইলন মাস্ক এতিয়াও বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে নিজৰ আসনত আছে। তেওঁৰ হাতত এতিয়াও সৰ্বাধিক ২০৮.৫ বিলিয়ন ডলাৰ আছে। আনহাতে আমাজানৰ মালিক বেজোছ ১২৯.৬ বিলিয়ন ডলাৰৰ মুঠ সম্পত্তিৰ সৈতে দ্বিতীয় স্থানত আছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/miobzh1
via IFTTT

Comments