বটদ্ৰৱা শলগুৰি সত্ৰৰ বীৰেন মুক্তিয়াৰৰ বিয়োগ

ডিজিটেল সংবাদ, বটদ্ৰৱা: বটদ্ৰৱাৰ ঐতিহাসিক শলগুৰি সত্ৰৰ মুক্তিয়াৰ, সূত্ৰধাৰ, অংকীয়া ভাওনাৰ সুদক্ষ ভাৱৰীয়া বীৰেন মুক্তিয়াৰৰ মঙলবাৰে নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। ৭৫ বছৰীয়া বীৰেন মুক্তিয়াৰ বিগত কিছু বছৰৰ পৰা মধুমেহ আৰু উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ নিজৰ ঘৰতে চিকিৎসাধীন অৱস্থাত আছিল।

সত্ৰ কৃষ্টিৰ পৰম্পৰাৰ ধাৰক বাহক হিচাপে শলগুৰি সত্ৰৰ বিভিন্ন সত্ৰীয়া বিষয়বাব নিষ্ঠা আৰু শ্ৰদ্ধাৰে পালন কৰা মুক্তিয়াৰে বংশ পৰম্পৰা ৰক্ষা কৰি সত্ৰৰ সূত্ৰধাৰ হিচাপে শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ভাওনা পৰিচালনাত নিজৰ ব্যক্তিত্বৰ পৰিচয় দাঙি ধৰাৰ সমান্তৰালকৈ অংকীয়া ভাওনাৰ সুদক্ষ অভিনেতা হিচাপে নিজৰ পৰিচয় ৰাখি গৈছিল।

ভাৰতীয় বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ দৰ্শনত বিশ্বাসী মুক্তিয়াৰ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যনিৰ্বাহকৰ সদস্য, শলগুৰি সত্ৰৰ উন্নয়ণ সমিতিৰ সম্পাদকৰ দায়িত্বতো কাৰ্য্যনিৰ্বাহ কৰিছিল। মৃত্যুৰ সময়ত একমাত্ৰ পুত্ৰ তথা সাংবাদিক অমৰজ্যোতি কলিতাৰ লগতে পত্নী, একমাত্ৰ জীয়ৰী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

তেওঁৰ মৃত্যুত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত, উপ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজীৱ দত্ত, সম্পাদক অৰূপ শইকীয়া, প্ৰাক্তন সম্পাদক ইন্দ্ৰমোহন বৰুৱা, প্ৰাক্তন সম্পাদক ব্ৰজেন কাকতি, সমাজকৰ্মী অতুল মহন্ত, শিল্পী ৰঞ্জিত মহন্ত, তুৱাৰাম বৰুৱা, বটদ্ৰৱা সাংবাদিক সন্থা, বটদ্ৰৱা প্ৰেছ ক্লাৱ, বেবেজীয়া প্ৰেছ ক্লাৱ, আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিবিশেষে শোক প্ৰকাশ কৰিছে।


আৰু পঢ়ক: ৰাইজৰ বিপদৰ সময়ত বেপাৰত ব্যস্ত থকা নৱ দলেৰ বিৰুদ্ধে ক্ষোভিত জনতা…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/upVq9Yt
via IFTTT

Comments